অসম

assam

ETV Bharat / state

কাৰাগাৰত বন্দী হৈ থকা এনডিএফবি সদস‍্যৰ পৰিয়ালৰ ধৰ্ণা - ধৰ্ণা

বুধবাৰে চিৰাং জিলা উপায়ুক্তৰ কাৰ্য‍্যালয়ৰ সন্মুখত কাৰাগাৰত বন্দী হৈ থকা এনডিএফবি সদস‍্যৰ পৰিয়ালৰ লোকৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৷ বন্দীত্বসকলক সাধাৰণ ক্ষমাদানেৰে মুক্তিৰ দাবী কৰে পৰিয়ালৰ লোকসকলে ৷

ndfb family protest
এনডিএফবি সদস‍্যৰ পৰিয়ালৰ ধৰ্ণা

By

Published : Jan 27, 2021, 6:29 PM IST

চিৰাং,27 জানুৱাৰী : বিটিআৰ চুক্তিৰ বৰ্ষপুৰ্তিৰ দিনাই বুধবাৰে কাৰাগাৰত বন্দী হৈ থকা এনডিএফবি সদস‍্যৰ পৰিয়ালৰ লোকে চিৰাং জিলা উপায়ুক্তৰ কাৰ্য‍্যালয়ৰ সন্মুখত ৰূপায়ন কৰে ধৰ্ণা কাৰ্যসূচী ৷ কাৰাগাৰত বন্দীত্ব জীৱন কটোৱাসকলক সাধাৰণ ক্ষমাদানেৰে মুক্তিৰ দাবী কৰে পৰিয়ালৰ লোকসকলে ৷

এনডিএফবি সদস‍্যৰ পৰিয়ালৰ ধৰ্ণা

উল্লেখ্য যে, তৃতীয়খন বড়ো চুক্তি বিটিআৰ চুক্তিৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাচতো বৰ্তমানলৈকে কাৰাগাৰত বন্দী হৈ থকা এনডিএফবিৰ সদস‍্যসকল মুকলি হোৱা নাই ৷ অৱশ্যে বিটিআৰ চুক্তিৰ দফাবোৰৰ কাৰ্যকৰীকৰণৰ কাম আৰম্ভ হৈছে ।

এনডিএফবিৰ দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ বিভিন্ন গোচৰত অভিযুক্ত হৈ কাৰাগাৰত বন্দী হৈ থকা এনডিএফবি নেতা, কেডাৰসকলক চৰকাৰে সাধাৰণ ক্ষমাদান কৰি মুক্তি দিয়াৰ দাবীত এনডিএফবি সদস্যৰ পৰিয়ালে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক :নিউ বঙাইগাঁৱৰ ৰে‘লৱে ৱাৰ্কশ্বপত বিস্ফোৰণ !

ABOUT THE AUTHOR

...view details