চিৰাং, ২ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ ছিপনছিলাৰ ধনতলা গাঁওৰ হৰিবল ৰায় আৰু অনিমা ৰায়ৰ কনিষ্ঠ পুত্ৰ এইগৰাকী খেলুৱৈৰ নাম হৈছে মহেন চন্দ্ৰ ৰায় । অভয়াপুৰী কলেজৰ কলা শাখাৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ মহেনে পঢ়া শুনাৰ সমান্তৰলাকৈ চলাই গৈছে খেলৰ অনুশীলন । কিন্তু অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মহেনৰ প্ৰতিভা বিকাশৰ পথত এতিয়া হেঙাৰ হৈ দেখা দিছে পৰিয়ালৰ আৰ্থিক অৱস্থাই ।
আৰ্থিক দৈন্যতাত ককবকাইছে প্ৰতিভাধৰ ক্ৰীড়াবিদে - মহেন চন্দ্ৰ ৰায়
এগৰাকী যুৱ প্ৰতিভা, যাৰ নামত ইতিমধ্যে আছে কেইবাটাও সোণৰ পদক । লাইমলাইটৰ পৰা আঁতৰত থকা ৰাজ্যৰ আগশাৰীৰ এইগৰাকী খেলুৱৈয়ে আৰ্থিক দৈন্যতাৰ ফলতে এতিয়া এৰি দিবলগীয়া হৈছে ক্ৰীড়া অনুশীলন । চাঁওক আমাৰ এক প্ৰতিবেদন ।
![আৰ্থিক দৈন্যতাত ককবকাইছে প্ৰতিভাধৰ ক্ৰীড়াবিদে](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2344409-611-779acfbb-afaf-4087-a9d5-0b6fab2f17de.png)
২০১৬ চনত কোকৰাঝাৰত অনুষ্ঠিত ৰাজ্যিক উশ্বু প্ৰতিযোগিতা, ২০১৭ত বাক্সাত অনুষ্ঠিত ৰাজ্যিক ক্ৰীড়া প্ৰতিযোগিতা আৰু বঙাইগাঁওত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত ৰূপৰ পদক, গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক, উত্তৰ প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছ প্ৰতিযোগিতাৰ এথলেটিকছত স্বৰ্ণ, গোৱাত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰ' কিক বক্সিং প্ৰতিযোগিতাৰ ৫৬ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিছে এইগৰাকী প্ৰতিভাধৰে ।
ভৱিষ্যতে অলিম্পিকত খেলিবলৈ হেঁপাহ পুহি ৰখা মহেনৰ অগ্ৰগতিৰ পথত এতিয়া কাইটীয়া হেঙাৰ হৈ দেখা দিছে ঘৰৰ আৰ্থিক দুৰৱস্থাই । সাধাৰণ শ্ৰমজীৱি দেউতাকে বহন কৰিব পৰা নাই পুত্ৰত খৰছ । এটি সাধাৰণ উৰুখা পঁজাত বাস কৰা মহেনৰ গৃহটো নাই অনুশীলনৰ পৰিৱেশ, তথাপিও কষ্ট অব্যাহত ৰাখিছে খেলুৱৈগৰাকীয়ে । শ্ৰমজীৱি পিতৃ-মাতৃৰ আশা, হিমা দাস, অংকুশিতা বড়োৰ দৰে তেঁওৰ পুত্ৰকো চৰকাৰে চকু মেলি চাব, অন্যথা সময়ৰ সোঁতত হেৰাই যাব আন এটি উজ্জল ক্ৰীড়া নক্ষত্ৰ ।