অসম

assam

By

Published : Sep 13, 2022, 12:14 PM IST

ETV Bharat / state

চিৰাঙত তেল ডিপোৰ মেনেজাৰক নৃশংসভাৱে হত্যা

চিৰাং জিলাৰ কাজলগাঁৱৰ এটা তেল ডিপোৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ । তিনি কৰ্মচাৰীৰ মাজৰ কাজিয়াৰ ফলত মৃত্যু হয় ডিপোটোৰ মেনেজাৰৰ (Oil depot employee dead)। বাকী দুই কৰ্মচাৰী গুৰুতৰভাৱে আহত । ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Chirang
চিৰাঙত তেল ডিপোৰ কৰ্মচাৰীক নৃশংসভাৱে হত্যা

চিৰাং,১৩ ছেপ্টেম্বৰ :চিৰাং জিলাৰ কাজলগাঁৱত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে (Sensational incident in Chirang)। তেল ডিপোৰ তিনি কৰ্মচাৰীৰ মাজৰ কাজিয়াত নিহত এজন কৰ্মচাৰী (Oil depot employee dead)। কাজলগাঁৱৰ কনজিউমাৰ পাম্প তেল ডিপোত সংঘটিত হৈছে এই হত্যাকাণ্ড । আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে পুৱা প্ৰায় ৩ মান বজাত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা । মদ্যপান কৰি তেল ডিপোটোৰ তিনি কৰ্মচাৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । কাজিয়াত লিপ্ত হোৱা কৰ্মচাৰী তিনিজন ক্ৰমে জিতেন্দ্ৰ কুমাৰ, চালক টিংকু সিংহ আৰু সুভাষ কামটী (Fight between 3 employees of oil depot)। এই প্ৰচণ্ড মাৰপিটৰ ঘটনাত বাকী দুজন কৰ্মচাৰীৰ আক্ৰমণত মৃত্যু হয় সুভাষ কামটী নামৰ কৰ্মচাৰীজনৰ (Oil depot employee murder in Chirang)।

চিৰাঙত তেল ডিপোৰ কৰ্মচাৰীক নৃশংসভাৱে হত্যা

আনহাতে বাকী দুজন কৰ্মচাৰীও গুৰুতভাৱে আহত হৈছে । ইতিমধ্যে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঢালিগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত কৰ্মচাৰীজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ইফালে ঘটনাস্থলীত আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, জিলা সদৰ উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা, ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নসহ আন কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লৈছে । নিহত সুভাষ কামটী তেল ডিপোটোৰ মেনেজাৰ আছিল আৰু তেওঁ বিহাৰৰ সমষ্টিপুৰ জিলাৰ ছালেহপুৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই জনোৱা মতে সমগ্ৰ বিষয়টো তদন্তৰ বাবে ইতিমধ্যে চিআইডিৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে । ইফালে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । কি পৰিস্থিতিত এই ঘটনা সংঘটিত হ'ল তাৰ উদঘাটনৰ বাবেও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে আৰক্ষীয়ে ঘটনাস্থলীত হত্যাকাৰীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ প্ৰত্যক্ষ কৰিছে যদিও ফৰেনচিকৰ দল উপস্থিত হৈ সেইবোৰ উদ্ধাৰ কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

ABOUT THE AUTHOR

...view details