চিৰাং, 29 এপ্ৰিল : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শান্তিপুৰ দেউশ্ৰিৰ 2নং আশ্ৰাবাৰী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড । গাঁওখনৰ জংঘলত উদ্ধাৰ 21 বছৰীয়া যুৱতীৰ উলংগ মৃতদেহ । মৃতদেহটোত খুকুৰীৰে কৰা আঘাতৰ চিন স্পষ্ট ৷ নিহত যুৱতীগৰাকীৰ আইতাককো খুকুৰীৰে আক্ৰমণ কৰে দুৰ্বৃত্তই ৷ সংকটজনক অৱস্থাত বঙাইগাঁৱৰ নাৰ্ছিং হোমত চিকিৎসাধীন মহিলাগৰাকী । হত্যাকাণ্ডত জড়িত কিসান মুৰ্মু (২৬) আৰু সোম হেমব্ৰম (২৫)ক স্থানীয় লোকে কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক ৷ অবৈধ সম্পৰ্কৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
চিৰাঙত উলংগ অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ - চিৰাং
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত হত্যাকাণ্ড ৷ জংঘলত উদ্ধাৰ 21 বছৰীয়া যুৱতীৰ উলংগ মৃতদেহ ৷ যুৱতীৰ আইতাককো আক্ৰমণ দুৰ্বৃত্তৰ ৷ হত্যাকাণ্ডত জড়িত দুগৰাকীক আটক আৰক্ষীৰ ৷ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

দেউশ্ৰিত উদ্ধাৰ যুৱতীৰ উলংগ মৃতদেহ
দেউশ্ৰিত উদ্ধাৰ যুৱতীৰ উলংগ মৃতদেহ
দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ৷
ইপিনে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে দুয়োগৰাকী অভিযুক্তই ৷