অসম

assam

ETV Bharat / state

বিজেপিয়ে কল খাই বাকলিটো খুৱাব বিটিচিবাসীক : নৱ শৰণীয়া

শনিবাৰে চিৰাঙত গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত সংবাদমেলযোগে গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ জনজাতিকৰণৰ নামত বিজেপিয়ে ৰাজনীতি কৰি বিটিচিবাসীক কল খাই বাকলি খুৱাব বুলি বিস্ফোৰক মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

By

Published : Nov 29, 2020, 10:21 AM IST

MP Naba Sarania in chirang
চিৰাঙত সাংসদ নৱ শৰণীয়া

চিৰাং,29 নৱেম্বৰ : চিৰাঙত শনিবাৰে গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷ জিলাখনৰ বাসুগাঁৱত এক সংবাদমেল সম্বোধন কৰি বিজেপি-বিপিএফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ বিজেপিয়ে কল খাই বিটিচিবাসীক বাকলি খুৱাব বুলি বিস্ফোৰক মন্তব্য কৰি নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে যদি বিটিচিৰ 964 খন গাঁও কৰ্তন কৰি দিয়ে তেন্তে তেওঁ প্ৰাৰ্থীত্ব উঠাই ল’ব বুলি সদৰি কৰে ৷

চিৰাঙত সাংসদ নৱ শৰণীয়া

বিজেপি-বিপিএফৰ মিত্ৰতাক লৈ তেওঁ কয় যে, বিজেপি দলে বিপিএফৰ সৈতে মিত্ৰতা কৰি অসমত চৰকাৰ গঠন কৰি থকাৰ পাচতো বিটিচি নিৰ্বাচনক লৈ নাটক কৰি আছে । আজি বিজেপিয়ে বিপিএফৰ দুৰ্নীতিৰ কথা কৈছে । কিন্ত এই দুৰ্নীতিত বিজেপিও জড়িত হৈ আছে ৷ বিটিচিত দুবাৰকৈ তেওঁক সাংসদ হিচাপে নিৰ্বাচিত কৰিছে বিটিচিৰ অবড়ো লোকে। গতিকে ইয়াত বিজেপি-বিপিএফ-ইউপিপিএল যিয়েই নাহক বা যিমানেই প্ৰতিশ্ৰুতি নিদিয়ক, তেন্তে বিটিচিৰ 80 শতাংশ লোক কিয় গোপনে মোৰ সমৰ্থক বুলি প্ৰশ্ন উত্থাপন কৰে কয় সাংসদ নৱ শৰণীয়াই ।

ভূমিপট্টা লৈ আজি হিমন্ত বিশ্ব শৰ্মাই বহু কথাই কৈ আছে । ভূমি পট্টা দিব বুলি তেওঁ ৰাইজক প্ৰতাৰণা কৰি আছে । আচল কথাটো হৈছে বিগত 17 বছৰে হিমন্ত বিশ্ব বিপিএফৰ সৈতে আছে । গতিকে ইমান দিনে নকৰা কামটো যে এতিয়া কৰিব তাৰ কি বিশ্বাস আছে বুলি প্ৰশ্ন উত্থাপন কৰে সাংসদ ৷

বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি বিটিচিবাসীক উদ্দেশ্য়ি সাংসদ গৰাকীয়ে কয় যে, জনজাতিকৰণৰ নামতো বিজেপিয়ে ৰাজনীতি কৰি আছে । গতিকে বিটিচিবাসী ৰাইজ বিজেপিৰ চলাহি কথাৰ পৰা সাৱধানে থাকক । আনৰ বাবে এই নিৰ্বাচন ক্ষমতাৰ খেল, কিন্তু আমাৰ বাবে জীয়াই থকাৰ সংগ্ৰাম । ইয়াত যাতে বিটিচিৰ অবড়ো লোক সকলৰ মেঘালয়,নাগালেণ্ড বা মিজোৰামৰ দৰে পৰিস্থিতি নহয় । গতিকে আমি বড়ো-অবড়ো কাজিয়া এৰি সমিল মিলেৰে জীয়াই থকাৰ বাবে ঐক্যবদ্ধভাৱে জীয়াই থকাৰ চেষ্টা কৰা উচিত ৷

উক্ত সংবাদমেলত সাংসদ নৱ শৰণীয়াৰ সৈতে উপস্থিত থাকে 13 নং চিৰাং সমষ্টিৰ গণ সুৰক্ষা দলৰ প্ৰাৰ্থী বিদ্যুৎ শৰণীয়া আৰু কেন্দ্ৰীয় অবড়ো সুৰক্ষা সমিতিৰ সভাপতি হেমব্ৰম । সাংসদ শৰণীয়াই চিৰাং জিলাৰ 11 টা স্থানত অনুষ্ঠিত হোৱা সৰু সৰু সভাত অংশগ্ৰহণ কৰি ভোটাৰসকলৰ সৈতে মত বিনিময় কৰে আৰু গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীসকলক ভোটদানৰ আহ্বান জনায় ।

লগতে পঢ়ক :কামৰূপ মহানগৰৰ পৰিৱহণ বিষয়া ৰূপে দায়িত্বভাৰ গ্ৰহণ গৌতম দাসৰ

ABOUT THE AUTHOR

...view details