অসম

assam

By

Published : Sep 11, 2019, 9:34 PM IST

ETV Bharat / state

পাকিস্তানৰ পৰাহে অসমলৈ অবৈধ নাগৰিক আহিছিলঃ হীৰা শৰণীয়া

সাংসদ গৰকীয়ে কয়, NRCক লৈ বহুতে ৰাজনীতি কৰি আছে আছু-অগপ নেতৃত্বই অসম চুক্তিৰ সময়তে ভুল কৰিছল

পাকিস্তানৰ পৰাহে অসমলৈ অবৈধ নাগৰিক আহিছিল

চিৰাং, 11 চেপ্তেম্বৰঃ বাংলাদেশৰ পৰা অসমত বিদেশী অধিক হাৰত অহা নাই,পশ্চিম পাকিস্তানৰ পৰাহে অসমলৈ অবৈধ নাগৰিক আহিছিল। এই মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰনীয়াৰ ৷ বুধবাৰে চিৰাঙৰ বানপীড়িত এলেকা ভ্ৰমণৰ পাচত NRC সন্দৰ্ভত এনেদৰে মন্তব্য কৰে সাংসদ গৰাকীয়ে। লগতে সাংসদ গৰাকীয়ে কয় যে, NRCক লৈ বহুতে ৰাজনীতি কৰি আছে, আছু-অগপ নেতৃত্বই অসম চুক্তিৰ সময়তে ভুল কৰিছল । কাৰণ অসমত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিচত অসমত বিদেশী সিমান অহা নাই বৰঞ্চ তাৰ আগত পশ্চিম পাকিস্তানৰ পৰাহে অসমলৈ অধিকাংশ বিদেশী আহিছে। আজিৰ দিনত অসমত দুই লাখতকৈ অধিক বাংলাদেশী নোলাব বুলিও কয় সাংসদজনে । NRCত প্ৰায় প্ৰতিটো পৰিয়ালৰে দুই,এজনৰ নাম বাদ পৰিছে । সেই সমূহ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে।

পাকিস্তানৰ পৰাহে অসমলৈ অবৈধ নাগৰিক আহিছিল

ABOUT THE AUTHOR

...view details