অসম

assam

ETV Bharat / state

চিৰাঙৰ টুক্ৰাঝাৰত ইউপিপিএলত পাঁচ শতাধিক লোকৰ যোগদান

চিৰাং জিলাৰ বেংতল টুক্ৰাঝাৰত ইউপিপিএল দলৰ এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বিপিএফৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ পৰা পাঁচ শতাধিক লোকে ইউপিপিএলত যোগদান কৰে ৷

By

Published : Aug 18, 2020, 10:41 PM IST

More Persons Joining in UPPL  At Chirang
চিৰাঙৰ টুক্ৰাঝাৰত ইউপিপিএলত পাঁচ শতাধিক লোকৰ যোগদান

চিৰাং, 18 আগষ্টঃ মঙলবাৰে চিৰাং জিলাৰ বেংতল টুক্ৰাঝাৰত ইউপিপিএল দলৰ এক নিৰ্ব্বাচনি সভা অনুষ্টিত হয় । দলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্টিত সভাত দহ সহশ্ৰাধিক লোকৰ উপস্থিতিত প্ৰাক্তন বিএলটি, এনডিএফবি(আৰ) আৰু( ছা)ৰ কেবাজনো নেতাৰ লগতে বিপিএফৰ মুঠ পাঁচ শতাধিক লোকে যোগদান কৰে । ইউ পি পিএল দলৰ সভাপতি প্ৰমোদ বড়োই সভাত অংশগ্ৰহণ কৰি নতুন কৈ দলটোত যোগদান কৰা সদস্য সকলক ফুলাম গামোচাৰে আদৰি লয় ।

চিৰাঙৰ টুক্ৰাঝাৰত ইউপিপিএলত পাঁচ শতাধিক লোকৰ যোগদান

সভাপতি সভাপতি প্ৰমোদ বড়োই কয় যে, ক'ভিড -১৯ ৰ বাবে বিটিচি পৰিষদীয় নিৰ্বাচন পিচুৱাই গৈছে । এই সময়ছোৱাত বিটিচিবাসীৰ যি মানসিকতা পৰিৱৰ্তনৰ প্ৰতি তাৰ বাবে সকলোৱে সমৰ্থন জনাইছে । বিটিচিৰ সকলো জনগোষ্ঠীৰ লোকেই বিটিচিত পৰিৱৰ্তন বিচাৰিছে । সেয়ে বিটিচিত এইবাৰ ইউপিপিএলৰ চৰকাৰ অহাটো নিশ্চিত হৈছে । যোৱা ১৭ বছৰ বিটিচিত বিপিএফ দলে শাসনৰ নামত যি দুৰ্নীতি-ভ্ৰষ্টাচাৰ কৰিলে তাৰ পৰা ৰাইজে মুক্তি বিচাৰিছে । ৰাইজে সেয়ে ইউপিপিএল দলক বিকল্প হিচাবে লৈ ইউপিপিএলক আকোৱালি লৈছে । আমি এইবাৰ বিটিচিত পৰিষদ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰাটো নিশ্চিত হৈছো । আমি অকলেই বিটিচিত চৰকাৰ গঠন কৰিম । ইয়াৰ মাজতেই আমি সিদ্ধান্ত লৈছো যে, যি সকল লোক বা দলে আমাৰ আদৰ্শক সমৰ্থন জনাই বিটিচিৰ ৩৫ লাখ জনতাৰ উন্নয়নৰ বাবে কাম কৰিবলৈ ওলাই অহা লোকক লৈ আমি আগবাঢ়িবলৈ প্ৰস্থত বুলি কয় প্ৰমোদ বড়োয়ে । যেতিয়া নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব আপোনালোকে দেখিব যে, দলে-বলে ৰাইজ পৰিৱৰ্তন বিচাৰি ওলাই আহিব, তেতিয়া নিশ্চয় সকলোৱে দেখিবলৈ সক্ষম হ'ব ।

যোগদান অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টীৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ নাৰ্জাৰী (এনডিএফ বি ছাৰ সম্পাদক বি আৰ ফেৰেঙ্গা) য়ে কয় যে, আজি বিটিচিত পৰিৱৰ্তন বিচাৰি পাঁচ শতাধিক লোকে ইউপিপিএল দলত যোগদান কৰিছে ৷ এই সকল লোক বিপিএফ আৰু বিভিন্ন দলৰ সৈতে জড়িত আছিল । বিটিচিৰ উপ মুখ্য সচিব খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে প্ৰতিদন্দিতা কৰি দহ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হব বুলি দাবী কৰে ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে ।

লগতে পঢ়ক- চিৰাঙত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰঃ শংকিত বিটিচি বাসী


ABOUT THE AUTHOR

...view details