চিৰাং, ১৭ জুন: বৃহস্পতিবাৰে চিৰাঙ(Chirang)ৰ বাসুগাঁৱত এডাল গুঁই সাপ উদ্ধাৰ কৰা হয় । বাসুগাঁৱৰ নিচিনাপাৰা গাঁৱত উদ্ধাৰ হয় গুঁই সাপডাল । বৃহস্পতিবাৰে কৃষিভূমতি কাম কৰি থকা সময়ত নুৰুল আমিন শ্বেইখ নামৰ এজন যুৱকে গুঁই সাপডাল( Monitor Lizard) প্ৰত্যক্ষ কৰে আৰু কৌশলেৰে পিঞ্জৰাবদ্ধ কৰে ।
চিৰাঙৰ বাসুগাঁৱত গুঁই সাপ উদ্ধাৰ
চিৰাঙৰ বাসুগাঁৱত সাংবাদিকৰ সহযোগত এডাল গুঁই সাপ( Monitor Lizard )উদ্ধাৰ । খেতি পথাৰত নুৰুল আমিন শ্বেইখ নামৰ এজন যুৱকে গুঁই সাপডাল উদ্ধাৰ কৰে ।
চিৰাঙৰ বাসুগাঁৱত গুঁই সাপ উদ্ধাৰ
পিছত বন্যপ্ৰাণীক উদ্ধাৰ কৰি ভালপোৱা সংবাদকৰ্মী জয়ন্ত দেৱনাথ(Jayanta Devnath)ক খবৰ দিয়ে আৰু তেখেতৰ হাতত গুঁই সাপডাল চমজাই দিয়ে । পৰৱৰ্তী সময়ত সাংবাদিকজনে গুঁই সাপডাল কাজলগাঁৱৰ বন সংমণ্ডলৰ বন বিষয়াৰ হাতত গটাই দিয়ে ।
লগতে পঢ়ক:কোকৰাঝাৰৰ ধৰ্ষণ-হত্যাকাণ্ডৰ এজন অভিযুক্ত গুলীবিদ্ধ