চিৰাং,6 এপ্ৰিল:ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ 12 খন জিলাৰ 40 টা সমষ্টিৰ মুঠ 11,401 টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইয়াৰ মাজতে চিদলী সমষ্টিত স্থাপন কৰা হৈছে তিনিটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ ৷ চিদলীৰ জাশিকত্ৰা হায়াৰ ছেকণ্ডাৰী স্কুলত ১৮৪, ১৮৫ আৰু ১৮৬ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে জিলা নিৰ্বাচন আয়োগে ৷
চিদলী সমষ্টিত স্থাপন আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ - প্ৰিজাইদিং বিষয়া
চিদলী সমষ্টিত স্থাপন কৰা হৈছে তিনিটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ ৷ চিদলীৰ জাশিকত্ৰা হায়াৰ ছেকণ্ডাৰী স্কুলত ১৮৪, ১৮৫ আৰু ১৮৬ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে জিলা নিৰ্বাচন আয়োগে ৷ ভোটগ্ৰহণ কেন্দ্ৰ কেইটা সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ৷ য'ত নেকি পুলিং বিষয়াৰ পৰা প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তাৰক্ষী পৰ্যন্ত সকলো মহিলা ৷
চিদলী সমষ্টিত স্থাপন আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ
তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰ কেইটা সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ৷ য'ত নেকি পুলিং বিষয়াৰ পৰা প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তাৰক্ষী পৰ্যন্ত সকলো মহিলা ৷ ইপিনে, সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজৰে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰাৰ লগতে মহিলাসকলৰ শিশুক দুগ্ধপান কৰাৰ বাবে আছুতীয়া কক্ষ, বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে জিৰণি কোঠাৰ উপৰিও চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক:তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য