চিৰাং, 19 জুনঃ চিৰাং জিলাৰ বিজনীত স্থানীয় ৰাইজে কৰায়ত্ত কৰে এটি মোবাইল চোৰক ৷ বিজনীৰ ২নং ভেটাগাওঁৰ ঘোষ পাৰাৰ পৰা ৰাইজে কৰায়ত্ত কৰে মোবাইল চোৰটোক ৷
মোবাইল চোৰৰ বিলৈঃ ৰাইজে ধৰি গতালে আৰক্ষীক - EtvBharatAssam
চিৰাং জিলাৰ বিজনীত স্থানীয় ৰাইজে কৰায়ত্ত কৰে এটা মোবাইল চোৰ ৷ সুমন দে নামৰ মোবাইল চোৰটোক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷
![মোবাইল চোৰৰ বিলৈঃ ৰাইজে ধৰি গতালে আৰক্ষীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3605610-thumbnail-3x2-0.jpg)
আৰক্ষীৰ জালত পৰিল মোবাইল চোৰ
আৰক্ষীৰ জালত পৰিল মোবাইল চোৰ
ৰাইজে কৰায়ত্ত কৰা চোৰটো সুমন দে বুলি জানিব পৰা গৈছে ৷ ঘোষপাৰা নিবাসী ৰাহুল ঘোষৰ ঘৰত সোমাই এটা মোবাইল ফোন আৰু নগদ ধন চুৰি কৰাৰ পিচতেই ৰাইজে কৰায়ত্ত কৰে চোৰটোক ৷ ইতিমধ্যে ৰাইজে চোৰটোক বিজনী থানাক গটাই দিছে ৷ ৰাহুল ঘোষৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চোৰটোক আটক কৰি সোধা-পোচা অব্য়াহত ৰাখিছে ৷