অসম

assam

ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী

By

Published : Jun 26, 2021, 9:18 PM IST

চিৰাং জিলাৰ চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী(Jayanta Basumatary)ৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । বিধায়কগৰাকীৰ ব্যক্তিগত সচিব কনোজ গয়াৰী আৰু বিধায়কজনৰ খুলশালী সবিতা বসুমতাৰীও ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈছে ।

MLA Jayanta Basumatary tested Covid Positive
ক'ভিডত আক্ৰান্ত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী

চিৰাং, ২৬ জুন: ক'ভিড-১৯(COVID-19) মহামাৰীৰ কবলত পৰিছে চিৰাং জিলাৰ চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী । শনিবাৰে দুপৰীয়া চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত বিধায়কগৰাকীৰ ক'ভিড-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছিল । তেতিয়াই তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি থকাৰ কথা ধৰা পৰে ।

বিধায়কজন বৰ্তমানৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁ হোম আইছ'লেছনতে থাকিব বুলি জানিবলৈ দিছে । দুয়ো পালি প্ৰতিষেধক লোৱাৰ পিছতো বিধায়কজন মহামাৰীত আক্ৰান্ত হয় ।

ক'ভিডত আক্ৰান্ত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী

বিধায়কজনে চৰ্দি, জ্বৰত আক্ৰান্ত হোৱাৰ পিছতে পৰিয়ালসহ চিকিৎসালয়লৈ আহে আৰু ক'ভিড-১৯ পৰীক্ষা কৰায় । একেটা ঘৰত থকা বিধায়কজনৰ খুলশালী সবিতা বসুমতাৰীও ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । চিকিৎসকে জানিবলৈ দিয়া মতে, বিধায়কগৰাকী, তেওঁৰ ব্যক্তিগত সচিব আৰু খুলশালীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ।

বৰ্তমানেও ৰাজ্যত ক'ভিডৰ ভয়াৱহতা আঁতৰ হোৱা নাই । বিভিন্ন জিলাত এতিয়াও পৰিস্থিতি ভয়াৱহ । ইতিমধ্যে ৰাজ্যৰ ১৫ খন জিলাক ৰেড জ'ন ঘোষণা কৰা হৈছে । ইফালে ৩ খন জিলাত সম্পূৰ্ণ কোৱাৰেণ্টাইনত থাকিব লাগিব ৰাইজ ।

ক'ভিডত আক্ৰান্ত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী

পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত প্ৰশাসনে শিথিলতা অনাৰ কথা চিন্তা নকৰে । অসাৱধনতাৰ বাবে কেইবাখনো ৰাজ্যত দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা নাই । সাধাৰণ ৰাইজৰ মাজত সচেতনতাৰ অভাৱ, ক'ভিড বিধি উলংঘন আৰু কিছুদিন পূৰ্বলৈকে অনুষ্ঠিত হৈ থকা বিবাহকে ধৰি সামাজিক অনুষ্ঠানবোৰ সংক্ৰমণ বৃদ্ধিৰ মূল কাৰণ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক: মৰাণৰ টীকাকৰণ কেন্দ্ৰত ক'ভিড প্ৰট'কল উলংঘন

ABOUT THE AUTHOR

...view details