চিৰাং, 26 আগষ্টঃ বুধবাৰে তিনিদিনৰ অন্তত উদ্ধাৰ হয় চিৰাং জিলাৰ পানবাৰীৰ হাকোৱা নৈত নিৰুদ্দেশ হোৱা ছাত্ৰ জনৰ মৃতদেহ । উল্লেখ্য যে, যোৱা সোমবাৰে দহ জন ছাত্ৰই ভোজ খাবলৈ গৈছিল পানবাৰীৰ মানাহৰ ৰাণীঘাটলৈ । তাৰ পিচতে হাকোৱা নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ হৈছিল দুজন ছাত্ৰ ক্ৰমে বিজনী বড়ো বজাৰৰ সঞ্জয় বসুমতাৰী(১৭) আৰু নোৱাপাৰাৰ ধৃতিৰাজ দৈমাৰী(১৮) । লগে লগে ছাত্ৰ কেইজনক উদ্ধাৰ কৰিবলৈ ৰাইজে অভিযান চলাই সোমবাৰে সন্ধিয়া ধৃতিৰাজ বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নৈ খনত সন্ধানহীন সঞ্জয়ক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল স্থানীয় ৰাইজ ।
চিৰাঙত তিনিদিনৰ অন্তত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - আৰক্ষী
চিৰাঙত তিনিদিনৰ অন্তত উদ্ধাৰ হ'ল নিৰুদ্দেশ হোৱা ছাত্ৰৰ মৃতদেহ । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
চিৰাঙত তিনিদিনৰ অন্তত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
ইফালে সঞ্জয়ক বিচাৰি মঙলবাৰৰ পৰা ৰাইজৰ সহযোগত এচ ডি আৰ এফ আৰু এন ডি আৰ এফে তীব্ৰ অভিযান চলায় ৷ উক্ত অভিযানত বুধবাৰে প্ৰায় তিনি কিল'মিটাৰ দূৰত হাকোৱা নদীৰ পাৰত উৱলি যোৱা অৱস্থাত বিয়লি তিনি বজাত সঞ্জয় বসুমতাৰীৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে ঘটনাস্থলীত পানবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইতিমধ্যে মৃতদেহ উদ্ধাৰৰ পিচতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক- গছৰ তলত উদ্ধাৰ যুৱতীৰ মৃতদেহ