অসম

assam

ETV Bharat / state

গুণোৎসৱৰ বাবে ক্ষতিগ্ৰস্ত হৈছে বিদ্যালয়ৰ পাঠদান; চিৰাঙত প্ৰতিক্ৰিয়া - গুণোৎসৱ

Gunotsav at Chirang : গুণোৎসৱ চিৰাঙৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আশীৰ্বাদ নে অভিশাপ ? গুণোৎসৱৰ বাবে বিগত দুদিনে পাঠদানৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী । আনহাতে, গুণোৎসৱ অনুষ্ঠিত বিদ্যালয়ত অতিৰিক্ত শিক্ষক নিয়োগ ।

গুণোৎসৱৰ বাবে ক্ষতিগ্ৰস্ত হৈছে বিদ্যালয়ৰ পাঠদান
গুণোৎসৱৰ বাবে ক্ষতিগ্ৰস্ত হৈছে বিদ্যালয়ৰ পাঠদান

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 4:11 PM IST

চিৰাঙত গুণোৎসৱ পৰিচালনাত বেমেজালি

চিৰাং, ১১ জানুৱাৰী : বৰ্তমান ৰাজ্যৰ বিদ্যালয়সমূহত চলি আছে গুণোৎসৱ । কিন্তু এই গুণোৎসৱ ছাত্ৰ-ছাত্ৰীৰ বাবে আশীৰ্বাদ নে অভিশাপ ? এয়া এক ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে । কিয়নো শিক্ষা বিভাগে গুণোৎসৱ ভালদৰে পৰিচালনা কৰিব নোৱাৰাৰ বাবেই গুণোৎসৱ এতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অভিশাপত পৰিণত হৈছে । উল্লেখ্য যে এইবাৰ চিৰাং জিলাত মুঠ ৯১৭ খন বিদ্যালয়ত ৬৫,৩৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত গুণোৎসৱ অনুষ্ঠিত হৈছে ৷

এই গুণোৎসৱ পৰিচালনা কৰিবৰ বাবে মুঠ ৪৪০ গৰাকী মূল্যায়ক নিয়োগ কৰা হৈছে ৷ লক্ষণীয়ভাৱে এইবাৰৰ গুণোৎসৱত অইন বিদ্যালয়ৰ শিক্ষক নিয়োগ কৰা হৈছে । যাৰ বাবে বহু বিদ্যালয়ত এজন শিক্ষকেৰেই চলাবলগীয়া হৈছে বিদ্যালয়ৰ পাঠদান কাৰ্য ।

এয়া হৈছে চিৰাং জিলা সদৰ কাজলগাঁৱৰ নিকটৱৰ্তী বৈখুনগাঁও এম ই স্কুলৰ দৃশ্য । বিদ্যালয়খনত মুঠ ছাত্ৰ-ছাত্ৰী ৯৪৯ গৰাকী । কিন্তু গুণোৎসৱৰ বাবে প্ৰায় আটাইকেইজন শিক্ষক অইন বিদ্যালয়লৈ যাবলগীয়া হোৱাত মাথোঁ এজন শিক্ষকেৰেই বিগত দুদিন ধৰি চলিবলগীয়া হৈছে বিদ্যালয়খন । এগৰাকী শিক্ষকে এটা শ্ৰেণীত পাঠদান কৰাৰ সময়ত আন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বাহিৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

ইফালে পাঠদানৰ পৰা বঞ্চিত হৈছে আন আন ছাত্ৰ-ছাত্ৰীসকল । আনহাতে, আন এখন বিদ্যালয় বৈখুনগাঁও প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে গুণোৎসৱ চলি আছে । মুঠ ৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত ২০ গৰাকী শিক্ষক দিছে বিভাগীয়ভাৱে । শিক্ষা বিভাগে গুণোৎসৱ ভালদৰে পৰিচালনা কৰিব নোৱাৰাৰ বাবেই এনে ধৰণৰ খেলিমেলিৰ সৃষ্টি হোৱা বুলি অভিযোগ উঠিছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হৈছে । কিন্তু এই গুণোৎসৱৰ পৰা বিদ্যালয়সমূহৰ বা ছাত্ৰ-ছাত্ৰীৰ কি লাভ হৈছে সেই প্ৰশ্নও এতিয়াও উত্থাপিত হৈছে । কিয়নো প্ৰায় সংখ্যক বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নাই । ইয়াৰ উপৰি শ্ৰেণীকোঠাসহ অন্যান্য আন্তঃগাঁথনিৰো অভাৱ পৰিলক্ষিত হৈছে বিদ্যালয়সমূহত ।

লগতে পঢ়ক :বিশ্বনাথৰ ১,০৩৫ খন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

ABOUT THE AUTHOR

...view details