অসম

assam

ETV Bharat / state

চিৰাং জিলা পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ - UG BRahma visit chirang

বৰ্ধিত প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া পৰিদৰ্শন কৰিবলৈ বাসুগাঁওত উপস্থিত কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম । চিৰাং জিলাতো সোমবাৰৰ পৰা জিলা প্ৰশাসনে আৰম্ভ কৰিছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । প্ৰত্যেকগৰাকী চিৰাঙৰ ৰাইজক টীকা লবলৈ আহ্বান মন্ত্ৰীগৰাকীক ৷

Minister U G brahma visit chirang covid vaccination centre
চিৰাং জিলা পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

By

Published : Jun 22, 2021, 11:03 PM IST

চিৰাং,22 জুন: চিৰাং জিলাত বৰ্ধিত প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া পৰিদৰ্শন কৰিবলৈ বাসুগাঁওত উপস্থিত হৈছে কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম । অতিমাৰী কৰ‘ণা সংক্ৰমনক প্ৰতিহত কৰিবলৈ সমগ্ৰ ৰাজ্যজুৰি 21 জুন তাৰিখৰ পৰা ব্যাপক হাৰত প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হৈছে । একেদৰে চিৰাং জিলাতো সোমবাৰৰ পৰা জিলা প্ৰশাসনে আৰম্ভ কৰিছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ।

চিৰাং জিলা পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

জিলাখনৰ ৩৩ টা প্ৰতিষেধক কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ জিলা প্ৰশাসনে । উদ্দেশ্য ১৮ ৰ উৰ্ধৰ এজনো লোক যাতে বাদ নপৰে প্ৰতিষধকৰ পৰা তাৰবাবে ব্যাপক প্ৰক্ৰিয়া হাতত লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । উল্লেখ্য যে, জিলা সমূহত প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া কেনেদৰে চলি আছে তাৰ বুজ ল'বলৈ প্ৰতিখন জিলাত বাহৰ পাতি আছে দায়িত্বপ্ৰাপ্ত অভিভাৱক মন্ত্ৰীসকলৰ ।

মঙলবাৰে চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম বাসুগাঁৱৰ জে বি স্কুলৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত উপস্থিত হয় আৰু প্ৰতিষেধক কেন্দ্ৰটোৰ কৰ্তব্যৰত নাৰ্চ আৰু স্বাস্থ্যকৰ্মী সকলৰ সৈতে মত বিনিময় কৰে লগতে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে , ৰাজ্যৰ প্ৰত্যেকগৰাকী অভিভাৱক মন্ত্ৰীয়ে নিজ নিজ জিলা পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ বৰপেটাৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জিলাখনত উপস্থিত হৈ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বুজ লয় ৷ লগতে জিলাখনত 15000 টীক প্ৰদান কৰা বুলি মন্তব্য কৰে ৷ ঠিক তেনেদৰে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰঙিয়াত চলি থকা টীকাকৰণ প্ৰক্ৰিয়াৰ বুজ লোৱাৰ লগতে যাৱতীয় টীকাকৰণৰ সমস্যা দুৰ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক :নাহৰকটীয়াত ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ABOUT THE AUTHOR

...view details