চিৰাং, 6 এপ্ৰিলঃ সোমবাৰে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত এখন সভা অনুষ্ঠিত হয় । জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ সভাপতিত্বত জিলাখনৰ দায়িত্বত থকা মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙসহ বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে লক ডাউন চলি থকা সময়ত দৰিদ্ৰ লোক সকলক কিছু সাহাৰ্য বিতৰণ সন্দৰ্ভত আলোচনা কৰা হয় । সভাৰ অন্তত মন্ত্ৰী চন্দন ব্ৰহ্মই সংবাদ মাধ্যমক জনায় যে, জিলা প্ৰশাসনে কষ্ট আৰু দায়িত্ব সহকাৰে কৰা কামৰ ফলতে জিলাখনত এতিয়ালৈ COVID-19 আক্ৰান্ত লোক পোৱা নাই । জিলাখনত বৰ্তমানলৈ 6 হাজাৰতকৈয়ো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে, হোম কোৱাৰেণটাইন কৰা হৈছে 1800 তকৈয়ো অধিক লোকক । চিৰাঙৰ পৰা নিজামুদ্দিনলৈ যোৱা পাঁচজন লোক আছিল যদিও, তেওঁলোকৰ তেজ পৰীক্ষাত COVID-19 নিগেটিভ পোৱা গৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে । লগতে বহিঃ ৰাজ্যৰ পৰা অহা লোকৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
শেহতীয়া পৰিস্থিতি সম্পৰ্কে চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত বৈঠক - মন্ত্ৰী চন্দন ব্ৰহ্ম
চিৰাং জিলাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে সোমবাৰে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় । সভাখনত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ।

minister chandan brahma visited chirang
শেহতীয়া পৰিস্থিতি সম্পৰ্কে চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত বৈঠক