চিৰাং, 27 জুনঃ চিৰাং জিলাৰ বিভিন্ন ঠাইত বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী চন্দন ব্ৰহ্মই । অতি শীঘ্ৰে বানত ক্ষতিগ্ৰস্ত হোৱা বাট-পথ সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী চন্দন ব্ৰহ্মই ।
শনিবাৰে চিৰাং জিলাৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা বান পৰিস্থিতিৰ লগতে বানাক্ৰান্ত লোক সকলৰ বুজ লয় অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই । বিষেশকৈ জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা, দেউশ্ৰি, আইপোৱালি, উত্তৰ দাখিনগাঁও, বেংতল-ভুৰতিনালি,বাসুগাঁও আদি বিভিন্ন ঠাইত বিগত কেবাদিনৰ পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত বানাক্ৰান্ত লোক সকলৰ বহু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে পথ সমূহৰ ব্যাপক ক্ষতি সাধন হয় ৷ ইতিমধ্যে বানত কোনো-কোনো অঞ্চলত যাতায়াত সেৱা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে ৷