ৰাজহুৱা সভাত ৰাষ্ট্ৰীয় সংগীতক অৱমাননা মন্ত্ৰী চন্দন ব্ৰহ্মৰ
চিৰাঙৰ ৰাজহুৱা সভাত বাজিল জন গণ মন ৷ সকলো থিয় হৈ সন্মান জনালে ৰাষ্ট্ৰীয় সংগীতক, পিচে মঞ্চত মুখ্য অতিথিৰ আসনত বহি ৰ'ল মন্ত্ৰীগৰাকী ৷
চিৰাং,29 জুন : চিৰাঙৰ বাসুগাঁওত অনুষ্ঠিত কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত ৰাষ্ট্ৰীয় সংগীতক অৱমাননা মন্ত্ৰী চন্দনৰ ব্ৰহ্মৰ। সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ মূহুৰ্তত সকলোৱে থিয় হৈ সন্মান জনোৱাৰ সময়তে মঞ্চত বহি ৰ'ল মন্ত্ৰীগৰাকী ৷ তাৰ পাচতেই মন্ত্ৰীগৰাকীৰ এই আচৰণক লৈ সৃষ্টি হৈছে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ ৷ ইপিনে সভাৰ অন্তত সাংবাদিকে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে দিলে এক অদ্ভুদ উত্তৰ ৷ কণমানিহতৰ নৃত্য চাই হেনো মগ্ন হৈ পৰা বাবেই তেওঁ পাহৰি থাকিলে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবলৈ ৷ এইয়া হৈছে মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য ৷