চিৰাং,24মেঃ চিৰাং জিলাত হঠাৎ ২৪ ঘন্টাৰ ভিতৰত ৬ জনকৈ কৰ‘ণা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছতে আজি জিলাখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় জিলাখনৰ দ্বায়িত্বত থকা মন্ত্ৰী চন্দন ব্ৰহ্মই । তেওঁ কয় যে 'বহি:ৰাজ্যত থকা আমাৰ অসমৰ লোকসকল অসমলৈ আহিবলৈ আৰম্ভ কৰিছে ৷ অসমত কৰ‘ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হৈ সকলো নীতি নিয়ম অনুসৰি চলিলে নিশ্চয় ইয়াৰ পৰা কিছু সকাহ পাম ৷'
চিৰাঙৰ পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই - জিলাখনত কৰ‘ণা আক্ৰান্ত
জিলাখনৰ দায়িত্বত থকা মন্ত্ৰী চন্দন ব্ৰহ্মই জিলাখনত কৰ‘ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰে ৷

চিৰাঙৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী চন্দন ব্ৰহ্ম
চিৰাঙৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী চন্দন ব্ৰহ্ম
তেওঁ আৰু কয় যে চৰকাৰীভাৱে ল'বলগীয়া ব্যৱস্থাৰ সমান্তৰালকৈ সকলো লোকেই সজাগ আৰু সচেতন হৈ সমাজখনক ৰক্ষাৰ বাবে আগবাঢ়ি আহিব লাগিব । ইপিনে বহিঃৰাজ্যৰ পৰা চিৰাং জিলাত প্ৰায় ৭ হাজাৰ লোক উভতি আহিবলগীয়া আছে যদিও এতিয়ালৈকে মাত্ৰ আঢ়ৈ হাজাৰ লোকেহে উভতি আহিছে । গতিকে জিলাখনত কৰ‘ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব যদিও তাৰ চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে বুলি জনায় মন্ত্ৰী চন্দন ব্ৰহ্মই ।
লগতে পঢ়কঃ গোৰেশ্বৰৰ মহৰিপাৰাত উদ্ধাৰ দিল্লীৰ পৰা অহা যুৱক