অসম

assam

ETV Bharat / state

কেনে আছে অসমৰ ক্ষুদ্ৰ চিৰিয়াখানাখন ?

অসমৰ দ্বিতীয় খন চিৰিয়াখানা হিচাপে পৰিগণিত হোৱা এই উদ্যানখনত আছিল বাঘ,অজগৰ,কেটেলা পহু,হৰিণা,বান্দৰ,ম'ৰা চৰাইসহ বহু প্ৰজাতিৰ জীৱ জন্তৰ লগতে আছিল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ৷

কেনে আছে অসমৰ ক্ষুদ্ৰ চিৰিয়াখানাখন ?

By

Published : Sep 21, 2019, 3:24 PM IST

Updated : Sep 21, 2019, 4:04 PM IST

চিৰাং,21 চেপ্তেম্বৰঃ চিৰাঙত থকা বহু পুৰণি এখন ক্ষুদ্ৰ চিৰিয়াখানা,এসময়ত জীৱ জন্তুৰে ভৰি আছিল এই ক্ষুদ্ৰ চিৰিয়াখানা খন ৷ কিন্তু এতিয়া জৰাজীৰ্ণ ৰূপ লোৱাই নহয় ক্ৰমাৎ ধংসৰ পথত ৷ তেতিয়াৰ বঙাইগাঁও সামাজিক বনানীকৰণৰ অধিনত ১৯৮৩ চনতে স্থাপিত হৈছিল এই ক্ষুদ্ৰ চিৰিয়াখানা খন ৷ ১.৪৭ হেক্টৰ মাটিত স্থাপন কৰা অসমৰ দ্বিতীয় খন চিৰিয়াখানা হিচাপে পৰিগণিত হোৱা এই উদ্যানখনত আছিল বাঘ,অজগৰ,কেটেলা পহু,হৰিণা,বান্দৰ,ম'ৰা চৰাইসহ বহু প্ৰজাতিৰ জীৱ জন্তৰ লগতে আছিল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ৷ সম্প্ৰতি বন বিভাগৰ অৱহেলাত ধ্বংসৰ গৰাহত উদ্যানখন ৷ মাত্ৰ ২৯ টা হৰিণা পহু আৰু এটা ৰাজ হাঁহ থকা উদ্যানখন এতিয়া হাবি জংঘলৰে আবৰি ধৰিছে ৷

চিৰাঙত থকা বহু পুৰণি এখন ক্ষুদ্ৰ চিৰিয়াখানা
বিটিচিৰ বন বিভাগেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । বিজনীবাসীয়ে বন উদ্যান তথা ক্ষুদ্ৰ চিৰিয়াখানাখন পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে বন বিভাগ তথা অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ ওচৰত আবেদন জনাইছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগ কিম্বা বিটিচি প্ৰশাসনে ৷
মাত্ৰ ২৯ টা হৰিণা পহু বাচি আছে গৈ উদ্যানখনত
চিৰাং জিলাত থকা এই বন উদ্যানখন ক্ৰমান্বয়ে পৰিত্যক্ত হৈ যোৱাৰ ফলত দৰ্শনাৰ্থীও নহা হৈছে। বন বিভাগে যদি পুনৰ বন উদ্যানখন কাৰ্যক্ষম কৰি তুলে তেনেহ'লে পুনৰ আগৰ পৰিৱেশ ঘূৰি আহিব ৷ আনহাতে উদ্যানখনত থকা মূল্যবান গছ গছনি তথা ভিন্ন প্ৰজাতিৰ অৰ্কিড সমূহো নোহোৱা হৈ গৈ আছে ক্ৰমান্বয়ে ৷
কেনে আছে অসমৰ ক্ষুদ্ৰ চিৰিয়াখানাখন ?

এসময়ত বন্যজন্তুৰে ভৰি থকা উদ্যানখন এতিয়া জৰাজীৰ্ণ অৱস্থা ৷ ২০০৩ চনত বিটিচি গঠন হোৱাৰ পিচত ২০০৭ চনত কোকৰাঝাৰ সামাজিক বনানীকৰনৰ সৈতে চামিল হয় এইখন বন উদ্যান । বন বিভাগৰ অৱহেলাৰ বাবে লাহে লাহে বন উদ্যান তথা ক্ষুদ্ৰ চিৰিয়াখানা খনৰ পৰা জন্তু সমূহ নোহোৱা হ'বলৈ ধৰে । নিতৌ বহু ঠাইৰ পৰা মানুহে আহি ভিৰ কৰা বন উদ্যানখনত বৰ্তমান ৮ জন বন বিষয়া কৰ্মচাৰীয়ে চোৱাচিতা কৰে যদিও সেয়া কাগজে কলমেহে । প্ৰকৃতাৰ্থত মাথো দুজন কৰ্মচাৰীয়েহে দিনটোত দুবাৰ আহে হৰিণা কেইটাক খাদ্যৰ যোগান ধৰাৰ বাবে।

পৰিত্য়ক্ত অৱস্থাত থকা এটা জিৰণী গৃহ

ইফালে অৰুন দাস নামৰ বনাঞ্চলিক বিষয়াজন ইয়াৰ ভাৰপ্ৰাপ্ত বিষয়া যদিও মাহেকত দুই এবাৰহে মাথো আহে উদ্যানখনলৈ। বন বিভাগেও গুৰুত্ব নিদিয়াৰ ফলত গুৰুত্বহীন হৈ পৰিছে উদ্যানখন। বিটিচিৰ বন বিভাগেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । বিপৰীতে বিজনীবাসীয়ে পুনৰ উদ্যানখন মুকলি কৰাৰ দাবী জনাইছে ৷

Last Updated : Sep 21, 2019, 4:04 PM IST

ABOUT THE AUTHOR

...view details