চিৰাঙৰ হাশ্ৰাউবাৰীত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী চিৰাং, 21 আগষ্ট : চিৰাঙৰ হাশ্ৰাউবাৰীত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উচ্ছেদ বিৰোধী সভা ৷ শতিকা পুৰণি হাশ্ৰাউবাৰীৰ 19 টা পৰিয়ালক উচ্ছেদৰ জাননী দিয়াৰ পিছতে সোমবাৰে গাঁওখনত হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ কেন্দ্ৰীয় সঁজাতি দলসহ উপস্থিত হয় ৷ এই অঞ্চলতে অনুষ্ঠিত হোৱা এক উচ্ছেদ বিৰোধী সভাত মহিলাৰীয়ে কয় যে 2003 চনত হোৱা বিটিচি চুক্তি মতে চুক্তিৰ পূৰ্বৰ পৰা বসবাস কৰা সকলো লোক ইয়াৰ বাসিন্দা আৰু ভূমি পট্টা পাব ৷ কিন্ত প্ৰমোদ বড়োৱে ৰাজনীতি কৰি কেৱল মাত্ৰ মুছলমানক উচ্ছেদৰ জাননী দিছে আন কোনো লোকক কিয় দিয়া নাই বুলি প্ৰশ্ন কৰে বিপিএফ প্ৰধানজনে ৷
তেওঁ কয় যে, যদিও ইয়াত অন্যান্য জনগোষ্ঠীৰ লোক আছে, বিটিআৰ প্ৰশাসনে উচ্ছেদৰ জাননী দি মুছলমান সকলক শংকিত কৰি আছে ৷ যাতে উচ্ছেদৰ ভয়ত সকলো মুছলমান লোকে প্ৰমোদ বড়োৰ ওচৰলৈ গৈ কয় যে আমাক উচ্ছেদ নকৰিব আমি আপোনাকে ভোট দিম ৷ যিহেতু লোকসভা নিৰ্বাচন সমাগত সেয়ে এই ধৰণে প্ৰমোদ বড়োৱে উচ্ছেদৰ নামত ৰাজনীতি কৰা বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ৷
ইফালে গণ সুৰক্ষা পাৰ্টীৰ চিৰাং জিলা সমিতিৰ সম্পাদক শ্বহিদুল ইছলামে এই সভাত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীক প্ৰশ্ন কৰে যে যোৱা 17 বছৰে কিয় ভূমি পট্টা দিয়া নহ’ল আৰু 2019 চনত কিয় গুৱাহাটী উচ্চ ন্যায়ালয়ত 17 হেজাৰ অবৈধ লোকৰ তালিকা দিয়া হ’ল ৷ প্ৰত্যুত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে ভূমি পট্টা প্ৰদান কৰিবলৈ মাটীৰ জৰীপ হোৱাটো জৰুৰী ৷ যিহেতু স্বাধীনতাৰ পিছত কোনো ভূমিৰ জৰীপ হোৱা নাছিল, সেয়ে মাটীৰ জৰীপৰ পিছতে ভূমি পট্টা প্ৰদানৰ বাবে 500 মণ্ডলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু ৰাজনৈতিক অস্থিৰতাৰ বাবে সেয়া হৈ নুঠিল ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া তথ্য সম্পৰ্কে জ্ঞাত নহয় বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিৰ সচিব শুভলক্ষ্মীয়ে তেতিয়া কাৰ কথা মতে এই তথ্য দিছিল সেয়াও তেওঁ নাজানে বুলি জনায় ৷ ৰাইজক উদ্দেশ্যি তেওঁ লগতে কয় যে আজি প্ৰমোদ বড়োৱে উচ্ছেদ কৰিলে কালিয়ে আমি আহি তেওঁলোকক ইয়াতে সংস্থাপন দিব ৷ বিপিএফ চৰকাৰ অহাৰ লগে লগে বিটিচি চুক্তিৰ পূৰ্বৰে পৰা বসবাস কৰা প্ৰতিজন লোকেই ভূমি পট্টা লাভ কৰিব বুলি জনায় হাগ্ৰামা মহিলাৰীয়ে ৷
হাশ্ৰাউবাৰী গাঁৱত চিৰাং জিলা বিপিএফৰ সভাপতি জেমচ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই উচ্ছেদ বিৰোধী সভাত বিপিএফৰ উপ-সভাপতি খাম্পা বৰগয়াৰী, সাধাৰণ সম্পাদক মনেশ্বৰ খাখলাৰী, বিপিএফ সংখ্যালঘু কোষৰ সভাপতি ছুলতান আলম, পাৰিষদ পানীৰাম ব্ৰহ্ম, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাহানুৰ ৰহমান আৰু অন্যান্য বিয়ববীয়াসহ অন্যান্য লোক সকল উপস্থিত থকাৰ লগতে উচ্ছেদৰ জাননী পোৱা লোক সকলো উপস্থিত থাকে ৷ ইয়াৰ পিছতে বিজনীৰ কুকলুঙত আন এখন সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীসহ বিপিএফৰ সজাতি দলটোৱে ৷
কুকলুং দংশীয়াপাৰা গাঁৱতো উচ্ছেদৰ জাননী জাৰী কৰিছিল বিটিআৰ প্ৰসাশনে ৷ হাগ্ৰামা মহিলাৰীয়ে জনায় যে বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি উচ্ছেদৰ জাননী দিয়া প্ৰতিটো অঞ্চলত যাব বিপিএফ দলৰ লোক সকল ৷ কিয়নো বিটিচি চুক্তি অনুসৰি বিটিচিৰ বাসিন্দা এই সকল লোকে ইয়াত থাকিয়ে বিটিচিত কেইবাবাৰো ভোটদান কৰিছে ৷ এই সকল লোকক ভূমি পট্টা দিবই লাগিব ৷ গতিকে ইয়াত কোনো পধ্যেই উচ্ছেদ হ’বলৈ দিয়া নহ’ব বুলি কয় তেওঁ ৷
লগতে পঢ়ক :AGP General Council Meeting in Guwahati: ’24ত হাতী-পদুমৰে অসমত জয় হ’ব, অগপ সভাপতি