বঙাইগাঁও,28 ফেব্ৰুৱাৰী: বঙাইগাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ "আছা"ৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে ৰূপায়ণ কৰা হয় গণ বিক্ষোভ কাৰ্যসূচী ৷ জিলাখনৰ "বীৰঝোৰা চাহ"বাগিচাত ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীৰ জৰীয়তে আদিবাসী সকলক জনজাতিকৰণ কৰাৰ লগতে ভূমিপট্টা প্ৰদান,চাহ মজদুৰ সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা,আদিবাসী যুদ্ধবিৰতিত থকা পাঁচটা সশস্ত্ৰ সংগঠনৰ সৈতে শান্তি আলোচনাৰ জড়িয়তে সমস্যাৰ সমাধান কৰা আদি দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে এখন স্মাৰক পত্ৰ ।
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা গণতান্ত্ৰিক তথা সশস্ত্ৰ সংগ্ৰাম কৰা অসমৰ আদিবাসী সকলৰ সমস্যা সমাধান নকৰি আদিবাসী হত্যাৰে হাত ৰাঙলি কৰা এন ডি এফ বিৰে শান্তি চুক্তিৰ জৰিয়তে বিটিআৰ গঠনত ক্ষোভ প্ৰকাশ কৰে বিক্ষোভকাৰী সকলে ।