চিৰাং,18 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে দেশজুৰি অব্যাহত আছে লক ডাউন ৷ কিন্তু এই ভয়াৱহ সময়খিনিটো নিজৰ কৰ্ম সম্পাদন কৰি যাব লগা হৈছে বহু কেইটা জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মী সকলে ৷ অতি সুখবৰ এইয়ে যে এই লোক সকলক পাৰ্যমানে সহায়ৰ বাবে আগবাঢ়ি আহিছে বহু সমাজ সচেতন লোক ৷
বঙাইগাঁৱত সাংবাদিকক মাস্ক বিতৰণ সমাজসেৱী মহিলাৰ - Mask distributed by womena among journalist
বঙাইগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰন কৰে সৰোজ হৰলালকাই ৷
বঙাইগাঁৱত সাংবাদিকক মাস্ক বিতৰণ সমাজসেৱী মহিলাৰ
শুকুৰবাৰে বঙাইগাঁৱত সাংবাদিকক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ব্যৱসায়ী প্ৰেম হৰলালকাৰ পত্নি সৰোজ হৰলালকাই ৷ বঙাইগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে সৰোজ হৰলালকাই ৷ মহামাৰী কৰ'ণাৰ আতংক আৰু লক ডাউনৰ মাজত সাংবাদিক সকলে নিজৰ জীৱনকো তুচ্ছ কৰি সংবাদ সেৱা আগবঢ়াই যোৱাত এই মহিলাগৰাকীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷
লগতে পঢ়কঃ "ৰেড জ'ন"ৰ পৰা বাহিৰলৈ অহা হোটেল ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ