চিৰাং, 5 ছেপ্তেম্বৰ :চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ গাঁৱসমূহত নিতৌ বৃদ্ধি পাইছে বন্যহস্তীৰ আক্ৰমণৰ ঘটনা । মানাহ ৰাষ্ট্ৰীয় উদ্যান, ৰিপু চিৰাং বনাঞ্চল আৰু ভূটানৰ মানাহৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে নিতৌ তাণ্ডৱ চলাইছে সীমান্ত অঞ্চলত । বিশেষকৈ সীমান্তৰ দাদগিৰি, দেউশ্ৰী, নাগেদৰা, ছামোদিছা, টুক্ৰেবস্তি, কৰাইবাৰীকে আদি কৰি বিভিন্ন অঞ্চলত উদ্বেগজনকভাৱে বন্যহস্তীৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে ।
বন্যহস্তীৰ আক্ৰমণত স্থানীয় ৰাইজৰ ঘৰ-দুৱাৰ ধ্বংস হোৱাৰ লগতে কৃষিভূমি নষ্ট হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হৈছে । হাতী-মানুহৰ সংঘাতৰ বিষয়ে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে জনায় যে, অবাধ বনাঞ্চল দখলৰ ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে আৰু এয়া স্বাভাৱিক ঘটনা । বসুমতাৰীয়ে লগতে এয়া বন্যহস্তীৰ দোষ নহয়, এয়া আমাৰ মানুহৰহে দোষ বুলি দাবী কৰে ৷
বিটিআৰৰ কাৰ্যবাহী সদস্যগৰাকীয়ে অসম তথা বিটিআৰৰ বিভিন্ন প্ৰান্তৰ লোকসকলেও বনাঞ্চল দখল কৰি এই সমস্যা বৃদ্ধি কৰা বুলি মন্তব্য কৰে । এওঁলোকক উচ্ছেদ কৰি বনাঞ্চল ৰক্ষা কৰাৰ পক্ষপাতি বুলি সদৰী কৰে বসুমতাৰীয়ে । তেওঁ লগতে কয় যে, যিসকল ভূমিহীন লোক, তেওঁলোকক আমি ভূমি দিম ৷ কিন্তু ভূমি থকাসকলক দিয়া নহ’ব এয়া স্পষ্ট কথা । নাগালেণ্ডৰ পৰা আহি চিৰাঙৰ বনাঞ্চলৰ ভূমি দখল কৰা লোকসকলৰো পৰীক্ষণ কৰাৰ কথা জনায় বসুমতাৰীয়ে ।
হাতী-মানুহৰ সংঘাত স্বাভাৱিক ঘটনা বুলি অভিহিত বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ৰঞ্জিত বসুমতাৰীয়ে যিসকল লোকে বনাঞ্চল বেদখল কৰিছে তেওঁলোকক অতি শীঘ্ৰে বনাঞ্চলৰ পৰা ওলাই অহাৰ বাবে আহ্বান জনায় ৷ অন্যথা কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ তেওঁ বনাঞ্চল বেদখল কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত থকা বুলি চাঞ্চল্যকৰ অভিযোগ কৰে ।
লগতে পঢ়ক :বৈদ্যুতিক তাঁৰে প্ৰাণ কাঢ়িলে এটা বনৰীয়া হাতীৰ