চিৰাং, ২৬ জুলাই :উত্তৰ-পূব PACKED LPG ট্রেন্সপ’ৰ্টাৰ এছ’চিয়েশনৰ ধৰ্মঘট অব্যাহত আছে (NEPLTA strike)। সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ৰন্ধন গেছ প্রকল্পৰ পৰিবহণ সেৱা বন্ধ ৰাখিছে সন্থাই । সমগ্ৰ ৰাজ্যৰ লগতে চিৰাঙতো ৰন্ধন গেছ পৰিবহণ সন্থাই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে (LPG transporter Association protest at Chirang)।
ভাৰতীয় তেল নিগমৰ প্ৰৱঞ্চনাৰ প্ৰতিবাদত এই প্ৰতিবাদী ধৰ্মঘটৰ কাৰ্যসূচী সন্থাৰ । ৰন্ধন গেছ পৰিবহণ কৰা প্ৰকল্প সন্থাৰ পৰিবহণৰ ভাড়া ২০১৪ চনৰ পৰা আজিলৈ একেই আছে । অথচ সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে যদিও তেওঁলোকৰ ভাড়া বৃদ্ধি হোৱা নাই । এই বিষয়টোক লৈয়ে যোৱা ২০১৮ চনৰে পৰা ভাৰতীয় তেল নিগমৰ সৈতে বহুবাৰ আলোচনাত মিলিত হৈছে সন্থা ।