অসম

assam

ETV Bharat / state

ক’ভিড আক্ৰান্তৰ নিম্নমানৰ খাদ্য দেখি অগ্নিশৰ্মা বিধায়ক - covid management in hospitals of assam

ক’ভিড আক্ৰান্তক খাদ্যযোগানৰ নামত দূৰ্নীতিৰ অভিযোগ খোদ এগৰাকী বিধায়কৰ ৷ ক’ভিড আক্ৰান্ত সকলৰ মাজত খাদ্য বিতৰণৰ বাবে যাওঁতে চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়(JSB Civil hospital)ত ক’ভিড আক্ৰান্তৰ খাদ্য যোগানৰ নামত হোৱা অনিয়ম চকুত পৰাত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে উত্থাপন কৰিছে এই অভিযোগ ।

low-quality-food-being-served-to-covid-patient-in-chirang-jsb-civil-hospital
কভিডক আক্ৰান্তৰ খাদ্যৰ নামত হোৱা দূৰ্নীতি দেখি খং উঠিল বিধায়কৰ

By

Published : Jun 27, 2021, 5:39 PM IST

চিৰাং, 27 জুন :চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড আক্ৰান্ত লোকৰ খাদ্য যোগানৰ নামত ঠিকাদাৰে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে(Sidli's MLA Jayanta Basumatari)। এই সম্পৰ্কত বিধায়ক গৰাকীয়ে অভিযোগ কৰি কয় যে, হঠাৎ এটা বিশেষ কামত কাজলগাঁৱস্থিত জেএচবি অসামৰিক চিকিৎসালয়(JSB Civil hospital)ত উপস্থিত হয় ৷ একে সময়তে ক’ভিড আক্ৰান্তসকলৰ মাজত খাদ্য বিতৰণৰ সময়ত ক’ভিড আক্ৰান্তৰ খাদ্য যোগানৰ নামত হোৱা অনিয়ম তেওঁৰ চকুত পৰে ।

ক’ভিড ৰোগীক যোগান ধৰা খাদ্য

প্ৰতিজন আক্ৰান্ত লোকৰ এসাঁজৰ খাদ্যৰ বাবত চৰকাৰে তিনিশ টকাকৈ ধাৰ্য কৰিছে ৷ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ ক’ভিড আক্ৰান্তক যোগান ধৰা খাদ্য এশ টকা মূল্যৰো নহ’ব বুলি অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে । কেইবাজনো আক্ৰান্ত লোকে বিধায়কজনক অভিযোগ কৰি কয় যে, প্ৰতি সাঁজতে খুব কম পৰিমাণৰ দালি, ভাতকেৰেলা ভাজি আৰু তিতা কেৰেলা ভাজিৰ সৈতে ভাতৰ যোগান ধৰা হৈছে ৰোগীসকলক । যি পৰিমাণৰ ডাইল অথবা ভাজিৰে এজন লোকৰ ভাত খোৱা সম্ভৱ নহয় ।

ক’ভিড আক্ৰান্ত লোকৰ এই অভিযোগ শুনি বিধায়ক গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ চিৰাং জিলাৰ উপায়ুক্ত গৰাকীক অৱগত কৰি তৎকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । ইয়াৰ লগতে ঠিকাদাৰজনে ক’ভিড আক্ৰান্তৰ খাদ্য যোগানৰ নামত হেমাহি কৰা আৰু দুৰ্নীতি কৰা বিষয়টোৰ তদন্ত কৰা হ’ব বুলি জনায় বিধায়ক গৰাকীয়ে । আন এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে, চিৰাঙৰ সাধাৰণ লোকসকলে ক’ভিড পৰীক্ষা আৰু প্ৰতিষেধক লোৱাৰ পৰা প্ৰায়েই আঁতৰি থাকে ৷

কভিডক আক্ৰান্তৰ খাদ্যৰ নামত হোৱা দূৰ্নীতি দেখি খং উঠিল বিধায়কৰ

যাৰ বাবে চিৰাং জিলাত প্ৰতিষেধক প্ৰদানৰ হাৰ কম হৈছে । এনে এটা অৱস্থাত কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড আক্ৰান্তক খাদ্য যোগানৰ নামত এই ধৰণৰ অন্যায় কৰিলে সমাজত বিৰূপ প্ৰতিক্ৰিয়া হ’ব ৷ বঙাইগাঁৱৰ হোটেল ৰাজ পেলেচৰ স্বত্বাধিকাৰীয়ে জেএচবি অসামৰিক চিকিৎসালয়ৰ খাদ্য যোগানৰ ঠিকা লাভ কৰি এইদৰে খাদ্য যোগান ধৰিছিল বুলিও জনায় বিধায়ক জয়ন্ত বসুমতাৰীয়ে ।

লগতে পঢ়ক :সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড়

ABOUT THE AUTHOR

...view details