চিৰাং, 19 এপ্ৰিল :লক ডাউন,দৰিদ্ৰতা আৰু এজন মানুহ। চিৰাং জিলাৰ বাসুগাঁও ৰেল ষ্টেচনৰ নিচেই কাষতে থকা এটা জুপুৰি আৰু যোৱা ছমাহৰ পৰা এই জুপুৰিটোত শুকুৰ আলী নামৰ এজন অতিকৈ দৰিদ্ৰ লোকে বাস কৰি আছে । শুকুৰ আলীয়ে পত্নীসহ 5 টা সন্তানৰ সৈতে বসবাস কৰে ।
দুৰ্বিষহ জীৱন-যাপন চিৰাঙৰ এজন দৰিদ্ৰৰ - লক ডাউন
চিৰাং জিলাৰ বাসুগাঁও ৰেল ষ্টেচনৰ ওচৰত বাস কৰা লক ডাউনত ক্ষতিগ্ৰস্ত শুকুৰ আলী নামৰ এজন দৰিদ্ৰ লোক । জৰাজীৰ্ণ জুপুৰি এটাত পৰিয়ালৰ সৈতে বসবাস কৰা তেওঁ ৷ এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সাহাৰ্য লাভ কৰা নাই শুকুৰ আলীয়ে ৷ সহায়ৰ বাবে আগবাঢ়ি আহিছে আৰক্ষী ৷
ইয়াৰ পূৰ্বে শুকুৰ আলীয়ে বঙাইগাঁৱৰ বিজয়গাঁৱত নিজ মাটিতেই থাকি শ্ৰম কৰি বসবাস কৰিছিল যদিও চম্পাৱতী নদীৰ গৰাখহনীয়াত সকলো সৰ্বশ্ৰান্ত হৈ পৰে ৷ পথৰ দাঁতিত থকা প্লাষ্টিক আৰু ভঙা-ছিঙা সামগ্ৰী কঢ়িয়াই আনি পৰিয়াল পোহপাল দি আছে তেওঁ ।
ইফালে, লক ডাউনৰ সময়ছোৱাত কোনো ঠাইত ওলাব নোৱাৰা হোৱাত লঘোণে দিন পাৰ কৰিবলগীয়া হৈছে শুকুৰ আলী আৰু তেওঁৰ পৰিয়ালে। কোনো লোকে খাদ্য সামগ্ৰী আগবঢ়ালে সেইখিনিৰেই পৰিয়ালটো চলিব লগা হয়,অন্যথা লঘোণে থাকিবলগীয়া হয় ৷ এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সাহাৰ্য লাভ কৰা নাই বুলি শুকুৰ আলীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আৰক্ষীয়ে ইতিমধ্যে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও দুই এদিনতে থকাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: লক ডাউন 2.0 : ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতা