অসম

assam

1191 গছি বন্তিৰে উজলিল বিজনীৰ বেলতলা শিৱধাম

By

Published : Nov 15, 2020, 10:52 AM IST

1191 গছি বন্তিয়ে পোহৰাই তুলিলে চিৰাঙৰ বিজনী বেলতলা শিৱধাম ৷ চীনা সামগ্ৰী বৰ্জনৰ উদ্দেশ্যে দীপাৱলী উপলক্ষে বিশ্বশান্তি কামনা কৰি 1191 গছি বন্তি প্ৰজ্বলন শিৱধাম খনত ৷

1191 গছি বন্তিৰে উজলিল বিজনীৰ বেলতলা শিৱধাম
1191 গছি বন্তিৰে উজলিল বিজনীৰ বেলতলা শিৱধাম

চিৰাঙ, 15 নৱেম্বৰ:চীনা সামগ্ৰী বৰ্জনৰ উদ্দেশ্যে চিৰাঙৰ বিজনী বেলতলা শিৱধামৰ ব্যতিক্ৰমী প্ৰয়াস ৷ থলুৱা শিল্পক প্ৰাধান্য দিয়াৰ উদ্দেশ্যেই চিৰাং জিলাৰ বিজনীৰ বেলতলা শিৱ ধামৰ উদ্যোগত দীপাৱলী উপলক্ষে বিশ্বশান্তি কামনা কৰি 1191 গছি বন্তি প্ৰজ্বলন কৰা হয় ৷

বিশ্বশান্তি কামনা কৰি 1191 গছি বন্তি প্ৰজ্বলন

শিৱধাম খনৰ এই পদক্ষেপক সচেতন সকলো ৰাইজেই শলাগ লৈছে ৷ বিজনী মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায়ে এই কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে ৷ শ্বেখৰজ্যোতি ৰায়ৰ সৈতে বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰা আৰু বিজনী বেলতলা শিৱধামৰ কৰ্মকৰ্তাৰ লগতে বিজনীবাসী ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকে ৷
লগতে পঢ়ক:নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details