অসম

assam

ETV Bharat / state

চিৰাঙত 123 জন বহিঃৰাজ্য়ৰ লোকক অৱহেলাৰ অভিযোগ - হিঃৰাজ্য়ৰ শ্ৰমিক

ভূটানৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ 123 গৰাকী লোক চিৰাঙত প্ৰৱেশ কৰাৰ পাচত জিলা প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিক কেইজনে ৷ থকা-খোৱাৰ ব্যৱস্থাৰ পৰা বঞ্চিত হৈছে লোক কেইজন ৷

Labours come from bhutan harrased in Chirang
চিৰাঙত 123 জন বহিঃৰাজ্য়ৰ লোকক অৱহেলাৰ অভিযোগ

By

Published : Oct 16, 2020, 10:24 AM IST

চিৰাং,16 অক্টোবৰ: চিৰাঙত ভূটানৰ পৰা অহা ভাৰতীয় লোকক চিৰাং জিলা প্ৰশাসনৰ অৱহেলা কৰাৰ অভিযোগ । ভাৰতৰ বিভিন্ন ৰাজ্যৰ 123 গৰাকী লোক চিৰাঙত প্ৰৱেশ কৰি অনাহাৰে পাৰ কৰিলে দিনটো । নিশাও খাদ্যৰ অভাৱত হাহাকাৰ কৰি ফুৰিছে লোক কেইগৰাকীয়ে ।

উল্লেখ্য যে,ভাৰতৰ বিভিন্ন ৰাজ‍্যৰ পৰা ভূটানত দীৰ্ঘদিনৰ পৰা কৰ্মৰত হৈ থকা লোক কেইজনে বৃহস্পতিবাৰে দুপৰীয়া ভূটানৰ গেলেফু হৈ দাদগিৰীৰ গেটেৰে অসমত প্ৰৱেশ কৰে । কিন্তু চিৰাঙৰ দাদগিৰীত প্ৰৱেশ কৰাৰ পাচতো চিৰাং জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন ৷ তেওঁলোকৰ অভিযোগ অনুসৰি,দিনটো পাৰ হোৱাৰ পাচত সন্ধিয়া তেওঁলোকক দাদগিৰীৰ পৰা তিনিখন গাড়ীৰে জিলাখনৰ কাশিকত্ৰাৰ মডেল হাস্পতাললৈ লৈ যায় ৷ এই সন্দৰ্ভত জিলা প্ৰশাসনে চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰা নাছিল । চিকিৎসালয় পোৱাৰ পাচতহে চিকিৎসক উপস্থিত হয় ।

চিৰাঙত 123 জন বহিঃৰাজ্য়ৰ লোকক অৱহেলাৰ অভিযোগ

সম্প্ৰতি লোককেইজনে অনাহাৰে দাদগিৰীত দিন পাৰ কৰিবলগীয়া হৈছে । আনকি পানীও যোগান ধৰা নাই চিৰাং জিলা প্ৰশাসনে । আনহাতে ভাৰত-ভূটান সীমান্তৰ দাদগিৰীত ভূটানৰ গেট বন্ধ থকাৰ বাবে কোনো সুবিধাও নাই । কোনো হোটেল বা আন সুবিধাও নাই । নিশাটো চিকিৎসালয়খনতে কটোৱাৰ কথা ব্যক্ত কৰে বহিঃৰাজ্যৰ লোক কেইজনে ৷

লগতে পঢ়ক:গ্ৰেপ্তাৰ হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ

ABOUT THE AUTHOR

...view details