বঙাইগাঁও, 15 ছেপ্তেম্বৰ: কোচ ৰাজবংশী সকলক অতি শীঘ্ৰেই জনজাতিকৰণ কৰাৰ দাবীত গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সংবাদমেল ৷ সংবাদমেলত অসমৰ কোচ ৰাজবংশীৰ লগতে পাচঁ জনগোষ্ঠীক কেন্দ্ৰ আৰু অসমত থকা বিজেপি নেতৃত্বাধীন চৰকাৰে অচিৰেই জনজাতিৰ মর্যাদা দিয়াৰ বাবে কৰা চেষ্টা অব্যাহত ৰখাৰ বাতৰিত সুখ প্ৰকাশ কৰিছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷ ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ মৰ্যাদা দি যোৱা পাচঁ দশক ধৰি কৰি অহা গণ আন্দোলনক ন্যায় প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে দুয়ো গৰাকী নেতাই ৷
উল্লেখ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানৰ বিষয়টো পৰীক্ষা–নিৰীক্ষা কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ যোৱা বছৰৰ 14 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ পাচঁ জনীয়া মন্ত্ৰী গোট গঠন কৰি দিছিল ৷ উক্ত মন্ত্ৰী গোটে ইতিমধ্যে বিষয়টো সম্পর্কত আৰ্হি যুগুতাই উলিয়াবৰ বাবে জনজাতিকৰণৰ দাবী কৰা ছয় জনগোষ্ঠীৰ জাতীয় সংগঠন আৰু বিৰোধিতা কৰা দল-সংগঠন আৰু কেবাখনো স্বায়ত্ত্বশাসিত পৰিষদৰ সৈতে কেইবাবাৰো বৈঠক কৰিছিল ৷ কিন্তু ইয়াৰ পাছতো কোনো সুদুত্তৰ সাভ কৰা নাই জনগোষ্ঠী সমুহে ৷