অসম

assam

বিটিচিত বিজেপিৰ চৰকাৰ গঠন কৰিবলৈ মাথো আনুষ্ঠানিকতা বাকীঃ সৰ্বানন্দ সোণোৱাল

By

Published : Dec 6, 2020, 10:42 PM IST

মুখ্যমন্ত্ৰী গৰাকীয়ে শূন্য সহনশীল নীতিৰে ৰাজ্যৰ শাসনভাৰ হাতত লোৱা বিজেপিয়ে বিটিচিৰ পৰাও দুৰ্নীতি নিৰ্মূল কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমবিতৰণ, সমঅধিকাৰ, ন্যায় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতিৰে বিটিচি দখলৰ হুংকাৰ প্ৰদান কৰে ৷ বিটিচত হাগ্ৰামা মহিলাৰীৰ সোতৰ বছৰীয়া শাসন কালত সংঘটিত হোৱা অন্যায়, প্ৰতাৰণা আৰু শোষনৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় সোণোৱালে ৷

বিটিচিত বিজেপিৰ চৰকাৰ গঠন কৰিবলৈ মাথো আনুষ্ঠানিকতা বাকীঃ সৰ্বানন্দ সোণোৱাল
বিটিচিত বিজেপিৰ চৰকাৰ গঠন কৰিবলৈ মাথো আনুষ্ঠানিকতা বাকীঃ সৰ্বানন্দ সোণোৱাল

চিৰাং,6 ডিচেম্বৰঃবিটিচিত এইবাৰ বিজেপি চৰকাৰ শ্ল’গানেৰে দেওবাৰে বিশাল নিৰ্বাচনী সভাৰে কোকৰাঝাৰৰ ফকিৰাগ্ৰামত ৰণডংকা বজালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কোকৰাঝাৰ জিলাৰ ৭ নং ফকিৰাগ্ৰাম অ-জনজাতি সমষ্টিৰ চিথিলা এম ভি স্কুল খেল পথাৰত আয়োজন কৰা বিশাল জনসভাত অৰূপ কুমাৰ দেৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত প্ৰদান কৰিলে প্ৰতিশ্ৰুতিৰ বন্যা ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে শূন্য সহনশীল নীতিৰে ৰাজ্যৰ শাসনভাৰ হাতত লোৱা বিজেপিয়ে বিটিচিৰ পৰাও দুৰ্নীতি নিৰ্মূল কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমবিতৰণ, সম অধিকাৰ, ন্যায় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতিৰে বিটিচি দখলৰ হুংকাৰ প্ৰদান কৰে ৷ বিটিচত হাগ্ৰামা মহিলাৰীৰ সোতৰ বছৰীয়া শাসন কালত সংঘটিত হোৱা অন্যায়, প্ৰতাৰণা আৰু শোষনৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় সোণোৱালে ৷

বিটিচিত বিজেপিৰ চৰকাৰ গঠন কৰিবলৈ মাথো আনুষ্ঠানিকতা বাকীঃ সৰ্বানন্দ সোণোৱাল

এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ বুলি অভিহিত কৰি শান্তি, প্ৰগতি, সমন্বয় আৰু নিৰাপত্তা নিশ্চিত কৰাই বিজেপিৰ লক্ষ্য ৷ মুখ্যমন্ত্ৰীয়ে আনে জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশীক জনজাতিকৰণ কৰা হ’ব বুলি ঘোষণা কৰে । তদুপৰি বিজেপিৰ প্ৰাৰ্থীগৰাকী জিকিলে কাৰ্যবাহী সদস্য দিয়া হ’ব বুলি ঘোষণা কৰিছে । শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলি মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে সম উন্নয়ন ,সমবিকাশ, সমমৰ্যদা সকলোৰে প্ৰাপ্য অধিকাৰ বুলি মত প্ৰকাশ কৰে । তদুপৰি বিটিচিত চৰকাৰ গঠন কৰিবলৈ বিজেপিৰ মাথো আনুষ্ঠানিকতাহে বাকী বুলি মন্তব্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠনৰ পিছত বিজেপিয়ে বিটিআৰ অঞ্চলত ব্যাপক উন্নয়ন সাধিব বুলি মন্তব্য কৰিছে ।

আনহাতে পঞ্চায়ত আৰু গ্ৰাম্যন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলয়ে কয়, বিটিচি অঞ্চলত ইমান বছৰে নেতৃত্ব দিয়া সকলৰ আন্তৰিকতা নথকাৰ বাবেই ৰাইজৰ সামগ্ৰিক উন্নয়ন নহল ৷ ইয়াত ইমান বছৰে ৰাইজৰ ভয় আৰু শংকাৰ মাজত বসবাস কৰা লোক সকল সমমৰ্যাদা, সমঅধিকাৰ নাপালে আৰু সম উন্নয়ন সম্ভৱ নহ’ল ৷ সভাত তেখেতে বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিস্তৃত ব্যাখ্যা কৰে ৷

সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বিটিচি চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰে ৷ ভাষণত তেখেতে শান্তি আৰু প্ৰগতিৰ বাবে ৰাইজে বিজেপিক আকোৱালি লৈছে ৷ বিগত সময়ত হত্যাকাণ্ড, অপহৰণ, গোষ্ঠী সংঘৰ্ষ আদিৰে ৰাইজক এজনো মানুহ যাতে হত্যাৰ বলি নহয়, এজনো মানুহ যাতে অপহৃত নহয়, ধনদাবী নহয় তাৰ বাবে বিজেপি নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিগত ২০১৪ চনৰ পিছৰ পৰা ইয়াত শান্তি বিৰাজমান হোৱাত হিলদল ভাঙি ৰাইজ ওলাই আহিছে ৷ তাৰপিছত সৰ্বানন্দ সোণোৱাল চৰকাৰ হোৱাৰ পিছত এটাও ধৰ্মীয় সংঘাত, গোষ্ঠী সংঘৰ্ষ হোৱা নাই ৷ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আকৌ আহিব বিজেপি চৰকাৰৰ ভয়ত কংগ্ৰেছ আৰু এআইইউডিএফ দলে ৰাইজক ভূল পথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে ৷ তাৰ লগতে তেখেতে বিপিএফ চৰকাৰৰ অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ তাৰ লগতে বিটিচি এলেকাত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ হ’ব বুলি উল্লেখ কৰে ৰঞ্জিত কুমাৰ দাসে ৷


লগতে পঢ়কঃ কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

ABOUT THE AUTHOR

...view details