অসম

assam

ETV Bharat / state

ৰাজ্যপালৰ শাসন আশীৰ্বাদ হিচাপে লৈছোঃ নৱ শৰণীয়া - covid-19

দেওবাৰে ঈদৰ শুভেচ্ছা জনোৱাৰ অৰ্থে চিৰাঙত উপস্থিত হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়া । চিৰাঙত উপস্থিত হৈ শৰণীয়াই বহিঃৰাজ্যত থকা সকলো লোকক অসমলৈ ঘূৰাই অনাৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ উপৰিও বিটিচিত ৰাজ্যপালৰ শাসন আশীৰ্বাদ হিচাপে লোৱাৰ কথা প্ৰকাশ কৰে ।

চিৰাং
ৰাজ্যপালৰ শাসন আশীৰ্বাদ হিচাপে লৈছোঃ নৱ শৰণীয়া

By

Published : May 24, 2020, 10:38 PM IST

চিৰাং, ২৪ মে':চিৰাঙত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়া । সকলো ইছলাম ধৰ্মাৱলম্বী লোকক ঈদৰ শুভেচ্ছা জনায় সাংসদ গৰাকীয়ে । সকলো নিয়ম মানি ঈদ উদযাপনৰ আহ্বান জনায় সাংসদ শৰণীয়াই । শৰণীয়াই কয় যে, বহিঃৰাজ্যত থকা সকলো লোক অসমলৈ আনিব লাগে । বহিঃৰাজ্যৰ পৰা লোকসকলক গৃহ ৰাজ্যলৈ লৈ অহা পাচতে ব্যক্তিসকলক ভালদৰে কোৱাৰেন্টাইন কৰি এমাহৰ বাবে লক ডাউন বৃদ্ধিৰ আহ্বান জনায় শৰণীয়াই ।

ৰাজ্যপালৰ শাসন আশীৰ্বাদ হিচাপে লৈছোঃ নৱ শৰণীয়া

তাৰোপৰি কৰ'ণাৰ বিৰুদ্ধে দিয়া যুঁজত চৰকাৰৰ মাথো কেইজন মান লোক জড়িত নাথাকি সকলো লোকক জড়িত কৰি দুৰ্যোগৰ এই সময় মোকাবিলা কৰাৰ আহ্বান জনায় সাংসদগৰাকীয়ে । লগতে শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক গেটত বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ভালদৰে চেক কৰা বা কোৱাৰেন্টাইন কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে শৰণীয়াই ।

আনহাতে, বিটিচিত ৰাজ্যপালৰ শাসন আশীৰ্বাদ হিচাপে লোৱাৰ কথা প্ৰকাশ কৰিলে সাংসদ নৱ শৰণীয়াই । এই সন্দৰ্ভত শৰণীয়াই কয় যে, বিগত ১৭ টা বছৰে বিপিএফ দলে কৰা দুৰ্নীতিৰ পৰা বিটিচিবাসীয়ে মুক্তি বিচাৰি আছিল । আজিও বিটিচিৰ বহু ঠাইত খোৱাপানীৰ সুবিধা নাই । ৰেচন কাৰ্ড পোৱাৰ যোগ্য ব্যাক্তিৰ পৰা কাটি লৈ বিপিএফ নেতাৰ আত্মীয়ৰ নামত কৰা বুলিও জনায় সাংসদ শৰণীয়াই । ৰাজ্যপালৰ শাসন আৰম্ভ হোৱাৰ পিচতো বিপিএফ দলে তেওঁলোকৰ শাসন চলায়ে আছে আৰু চলি থকা কামবোৰত এতিয়াও বিপিএফৰ লোক জড়িত হৈ দুৰ্নীতি কৰি আছে বুলি সদৰী কৰে । য'ত দহ জন শ্ৰমিকে কাম কৰে তাত ৫০ জন শ্ৰমিকৰ কামৰ বিল জমা কৰা, দৰিদ্ৰ লোকসকলৰ নামত টিপচহীৰে জৱকাৰ্ড বনাই তেওঁলোকৰ হাতত ৰাখিছে বুলিও বিপিএফৰ বিৰুদ্ধে অভিযোগ কৰে সাংসদ জনে।

ৰাজ্যপালৰ শাসন আশীৰ্বাদ হিচাপে লৈছোঃ নৱ শৰণীয়া

এই দুৰ্নীতিৰ সন্দৰ্ভত তথ্যসহ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যপালক লিখিত ভাৱে জনোৱা হৈছে বুলি জনায় সাংসদ শৰণীয়াই । বিটিচি নিৰ্বাচন সন্দৰ্ভত শৰণীয়াই কয় আগন্তুক ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰতে বিটিচি নিৰ্বাচন অনুষ্টিত হ'ব । তাৰ বাবে আমি সামাজিক দুৰত্ব তথা অন্যান্য নীতি-নিয়ম মানি লৈ এক সুস্থ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সুবিধা লাভ কৰাৰ সুযোগ পাম বুলি দাবী কৰে কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ।

ABOUT THE AUTHOR

...view details