চিৰাং, 2 ডিচেম্বৰ :দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত শান্তিৰ পথলৈ আহিবলৈ মন মেলিছে নিষিদ্ধ ঘোষিত সংগঠন কমতাপুৰ লিবাৰেশন অৰ্গেনাইজেশ্যন চমুকৈ কে এল অ’ (KLO to join peace process soon) ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটৰ জৰিয়তে ঐতিহাসিক স্বাধীন কমতাপুৰ গঠনৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰি অহা জীৱন সিংহ নেতৃত্বাধীন কে এল অ’ৰ সৈতে ভাৰত চৰকাৰৰে শান্তি আলোচনা লৈ এখোঁজ আগুৱাই অহাৰ খবৰ প্ৰকাশ কৰিছে (Peace talk with KLO)৷
এই খবৰে সমগ্ৰ কোচ ৰাজবংশী জনসাধাৰণক আনন্দিত কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ টুইটক কোচ ৰাজবংশী জাতীয় পৰিষদে উষ্ম আদৰণি জনাইছে (koch rajbanshi jatiya parishad thanking KLO) ৷ এই সন্দৰ্ভত চিৰাং জিলাৰ বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷