চিৰাং, 8 জুলাই : চিৰাং জিলাৰ বিজনী কাচদহাত সংঘটিত হোৱা গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্ত আৰক্ষীৰ গুলীত নিহত হৈছে ৷ যোৱা মঙলবাৰে সংঘটিত হৈছিল গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ড ৷ বৃহস্পতিবাৰে এই ঘটনাৰ সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰে চিৰাং জিলাৰ আৰক্ষীৰ অধীক্ষক গৌৰৱ উপাধ্যায়ে ৷
"হত্যাৰ তদন্তৰ বাবে দুই অভিযুক্তক হত্যাকাণ্ড সংঘটিত ঠাইলে লৈ গৈছিল চিৰাং আৰক্ষীয়ে ৷ হত্যাকাণ্ডত ব্যৱহাৰ হোৱা অস্ত্ৰ উদ্ধাৰ কৰিবৰ বাবে নিয়া হৈছিল দুই হত্যাকাৰীক ৷ সেই সময়তে আব্দুল খালেক নামৰ হত্যাকাৰীজনে বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ পিস্তল কাঢ়ি লৈ আৰক্ষীক গুলিয়াবলৈ চেষ্টা কৰিছিল ৷ যাৰ বাবে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে খালেকক গুলীয়াই আহত কৰিবলৈ বাধ্য হয় ৷" সাংবাদিকৰ আগত আৰক্ষী অধীক্ষক গৰাকীয়ে এই দৰে কয় ৷
আৰক্ষীৰ গুলিত আহত আব্দুল খালেক সংকটজনক অৱস্থাত বিজনী ভেটাগাঁও প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎলয়তে আব্দুল খালেকৰ মৃত্যু হয় ৷ বাকী দুগৰাকী অভিযুক্ত আয়ুব আলী আৰু ছফিউৰ খন্দকাৰ বিজনী থানাত আছে বুলি জানিবলৈ দিয়ে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ নিহত হত্যাকাৰী আব্দুল খালেক পত্নী হত্যা গোচৰত পূৰ্বেও কাৰাৰুদ্ধ হৈছিল ৷
আৰক্ষীৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ভাণ্ডাৰা বজাৰৰ ফাৰ্মাচিষ্ট ছফিউৰ খন্দকাৰ ৷ ছফিউৰ খন্দকাৰক আটক কৰা পাচতে পোহৰলৈ আছিল গৃহৰক্ষী জোৱানজনৰ হত্যাৰ প্ৰকৃত তথ্য ৷ ফাৰ্মাচিষ্ট ছফিউৰ খন্দকাৰে গৃহৰক্ষী জোৱান জনক হত্যা কৰিবৰ বাবে দুগৰাকী পেশাদাৰী হত্যাকাৰীক দায়িত্ব দিছিল ৷