বঙাইগাঁও,17 মাৰ্চ: গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত বহু ভাষিক কবি সন্মিলন । অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষা-ভাষীৰ কবিসকল আহি উপস্থিত হোৱাৰ পাচতে গঠন হয় বহু ভাষিক কবি সন্মিলনৰ ৰাজ্যিক সমিতি ।
বঙাইগাঁৱত বহু ভাষিক কবি সন্মিলন
সন্মিলনত তিনিচুকীয়াৰ অজিত দত্তক সভাপতি,বঙাইগাঁৱৰ কাজি শ্বামিম আৰু মৰমি বৰঠাকুৰ, বৰপেটাৰ নানজু দত্তক কাৰ্যকৰী সভাপতি আৰু বঙাইগাঁৱৰ শৈলেন প্ৰসাদ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ 51 জনীয়া বহুভাষিক কবি সন্মিলন সমিতি গঠন হয় ।
এই সন্মিলনত বিভিন্ন ভাষাত কবি সকলে কবিতা পাঠ কৰি মুখৰিত কৰি তোলে গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাব ।