চিৰাং, ২ নৱেম্বৰ :ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ (Japanese encephalitis) প্ৰতিষেধক প্ৰদান অভিযান । বাকী জিলাবোৰৰ লগতে চিৰাং জিলাতো আৰম্ভ হৈছে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । সোমবাৰে জেএচবি অসামৰিক চিকিৎসালয়ত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাস, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
এই অনুষ্ঠানতে বিশিষ্ট ব্যক্তিসকলৰ লগতে কেইবাগৰাকী সাংবাদিকে জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক গ্ৰহণ কৰে । প্ৰতিষেধক প্ৰদানৰ এই অভিযান মুকলি কৰি উপায়ুক্তগৰাকীয়ে জিলাবাসীক এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । যিহেতু জাপানীজ এনকেফেলাইটিছ এক ধৰণৰ মাৰাত্মক ৰোগ আৰু ই ম’হৰ দ্বাৰা বিয়পে ৷ গতিকে নিজৰ লগতে সমাজখনক এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ১৫ বছৰৰ পৰা ৬৫ বছৰৰ সকলো লোককে এই প্ৰতিষেধক ল'বলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ।
ইফালে চলিত নৱেম্বৰ মাহৰ ভিতৰতে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি প্ৰতিষেধক প্ৰদান সামৰিব বুলিও তেওঁ জনায় । উল্লেখ্য যে, জিলাখনৰ বিভিন্ন ঠাইত ৫১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰি প্ৰতিষেধক প্ৰদান কৰে স্বাস্থ্য বিভাগে ।