অসম

assam

By

Published : Nov 28, 2022, 1:36 PM IST

Updated : Nov 28, 2022, 4:38 PM IST

ETV Bharat / state

Jamiat Helping Hands : বিজনীত সম্প্ৰীতিৰ নিদৰ্শন, হিন্দু মহিলাক সহায় জমিয়তৰ

চিৰাঙৰ বিজনীত সম্প্ৰীতিৰ নিদৰ্শন (example of communal harmony in Chirang) । হিন্দু দুখীয়া বিধৱাৰ দুৰ্যোগত সহায়ৰ হাত জমিয়ত উলেমাৰ । জমিয়তক ধন্যবাদ দুৰ্গতৰ ।

Bijni
Bijni

চিৰাং, ২৮ নৱেম্বৰ : মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয়ৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তেই মানৱ ধৰ্ময়ে যে শ্ৰেষ্ঠ ধৰ্ম তাৰ এক অনন্য নিদৰ্শন (Allegations of degradation of human values) । বৰ্তমান ধৰ্মক লৈ যিধৰণৰ ৰাজনৈতিক বিষবাষ্পই সমাজখনক পংগু কৰাৰ উপক্ৰম ঘটাইছে তেনে সময়ত এই নিদৰ্শন নিশ্চিতভাৱে উল্লেখযোগ্য । যিসময়ত সমগ্ৰ দেশতে ক্ষমতা লাভৰ স্বাৰ্থত ধৰ্মক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে, তেনে সময়ত চিৰাং জিলাৰ বিজনীৰ আন্ধাৰগাঁৱত সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে (example of communal harmony in Chirang) ।

এই নিদৰ্শন দাঙি ধৰিছে মুছলিম সংগঠন জমিয়ত উলেমাই । আন্ধাৰগাঁও নিবাসী বিনাথী বসুমতাৰী নামৰ এগৰাকী দুখীয়া বিধৱাৰ দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে চিৰাং জিলা জমিয়ত উলেমা (Jamiat Ulema help Hindu poor widow in Bijni) । কেইদিনমান পূৰ্বে মহিলাগৰাকীৰ তিনি বিঘা মাটিৰ চপাই থোৱা ধান কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি জ্বলাই দিয়াত আজি জমিয়ত উলেমাই আঠ মোন ধান সাহায্য হিচাপে আগবঢ়ায় বিধৱাগৰাকীক ।

বিজনীত সম্প্ৰীতিৰ নিদৰ্শন, হিন্দু মহিলাক সহায় জমিয়তৰ

জমিয়ত উলেমাৰ চিৰাং জিলাৰ সভাপতি হাজী শুকুৰ আলীৰ নেতৃত্বত জমিয়তৰ এটা সজাতী দলে মহিলাগৰাকীক আঠ মোন ধান প্ৰদান কৰে (example of Human religion) । লগতে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় । আনহাতে, ৰাইজকো মহিলাগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে মহিলাগৰাকীৰ তিনি বিঘা মাটিৰ চপাই থোৱা ধানত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে । এনে পৰিপ্ৰেক্ষিতত চিৰাং জিলা জমিয়তৰ ফালৰ পৰা দুখীয়া মহিলাগৰাকীক এই ধান আগবঢ়ায় । চিৰাং জিলা জমিয়তৰ সভাপতি হাজী শুকুৰ আলীৰ উপৰি উপ-সভাপতি বছুৰ উদ্দিন শ্বেখ, সাধাৰণ সম্পাদক জহিৰ উদ্দিন শ্বেখো উপস্থিত থাকি মহিলাগৰাকীক ধনখিনি প্ৰদান কৰে ।

উল্লেখ্য, বৰ্তমান সময়ত ধৰ্মীয় মেৰুকৰণেৰে দেশৰ ৰাজনীতি উত্তাল হৈ আছে । আনহাতে, ৰাজনীতিক তথা কিছুসংখ্যক ধৰ্মীয় নেতাইও ইয়াত সাৰ-পানী যোগাই আছে । তেনে পৰিস্থিতিত অন্য ধৰ্মৰ এগৰাকী দুৰ্গত ব্যক্তিক আন এটা ধৰ্মৰ সংগঠনে সহায়ৰ হাত আগবঢ়োৱাটো সঁচাকৈয়ে ক্ষয়িষ্ণু সমাজখনৰ বাবে এক আশাৰ বতৰা বুলিব পাৰি ।

লগতে পঢ়ক :Barjatri group attacked: মৰিগাঁৱত বৰযাত্ৰীৰ দলক আক্ৰমণ, ক্ষতিগ্ৰস্ত বাহন

Last Updated : Nov 28, 2022, 4:38 PM IST

ABOUT THE AUTHOR

...view details