চিৰাং, 30 নৱেম্বৰ :বিটিচি নিৰ্বাচনক লৈ বড়ো ভূমিৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ৰণডংকা অব্যাহত থকাৰ মাজতে চিৰাং জিলাৰ বিজনী 18 নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ পাণবাৰী বগলাঝাৰৰ পৰা 2 নং কোচুবিল যোৱা পথৰ কাষত থকা ইউপিপিএলৰ পোষ্টাৰ-বেনাৰসমূহ দেওবাৰে নিশা দুৰ্বৃত্তই ফালি জংঘলত পেলাই থোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
চিৰাঙত নিশাৰ সুযোগ লৈ ইউপিপিএলৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই - বিজনী জিলা
বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে চিৰাঙত অঘটন ৷ নিশাৰ এন্ধাৰৰ সুযোগ লৈ ইউপিপিএলৰ বেনাৰ-পোষ্টাৰ ফালিলে অচিনাক্ত লোকে ৷ ঘটনা সন্দৰ্ভত তদন্তৰ দাবী দলটোৰ ৷
চিৰাঙত নিশাৰ সুযোগ লৈ ইউ পি পি এলৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই
ঘটনা সন্দৰ্ভত ইউপিপিএল দলৰ বিজনী জিলাৰ সাধাৰণ সম্পাদক হোম প্ৰসাদ শৰ্মা উপস্থিত হৈ সংবাদ মাধ্যমৰ যোগেদি গৰিহণা দিয়াৰ লগতে অতিশীঘ্ৰে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । শীঘ্ৰে বিষয়টো সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনাইছে নেতাগৰাকীয়ে ৷
লগতে পঢ়ক :বিজেপিয়ে বিটিচি দখল কৰিলে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব : নীলমনি সেন ডেকা