চিৰাং, 18 মে':অৱশেষত চিৰাং আৰক্ষীয়ে নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাণ্ডৰ অভিযুক্ত ঈষাণ নাৰ্জাৰীক ৷ এই লোক জনৰ বিৰুদ্ধে চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ঔগুৰিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ 12 বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি অন্তসত্বা কৰা অভিযোগ উত্থাপিত হৈছিল ৷
নাগালেণ্ডত আটক ধৰ্ষণকাণ্ডৰ অভিযুক্ত ঈষাণ নাৰ্জাৰী - ধৰ্ষন
ঈষাণ নাৰ্জাৰীৰ বিৰুদ্ধে চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ঔগুৰিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ 12 বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি অন্তসত্বা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷
বিগত 30 এপ্ৰিলত চিৰাং জিলা সদৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভুক্তভোগী ছাত্ৰী গৰাকীয়ে এটি নৱজাতকক জন্ম দিছিল ৷ অৱশ্যে জন্মৰ প্ৰায় তিনিঘন্টাৰ পিচতে নৱজাতকটিৰ মৃত্যু হৈছিল ৷ ইপিনে ছাত্ৰী গৰাকীক ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিচতে নাৰ্জাৰীৰ বিৰুদ্ধে আমগুৰি থানাত , শিশু ধৰ্ষণ বিৰোধী আইনৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ 376 ধাৰাৰ মতে 14/19 নম্বৰ গোচৰ পঞ্জীয়ন হৈছিল ৷ আনহাতে বিপদৰ উমান পাই অভিযুক্ত ঈষাণ নাৰ্জাৰীয়ে বিগত বহু সময় ধৰি পলাতক অৱস্থাত থাকে ৷ উল্লেখ্য যে, ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ঔগুৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ তেনে সময়তে শুকুৰবাৰে নিশা চিৰাং আৰক্ষীয়ে অভিযুক্ত ধৰ্ষণকাৰীক বিচাৰি নাগালেণ্ডৰ মৰ্ককছঙৰ পৰা গ্ৰেপ্তাৰ কৰে ৷