চিৰাং,26 জুন: মাত্ৰ 13 বছৰতে জহি-খহি গ’ল এটা কৃষিবান্ধ ৷ কৃষকৰ বাবে আশীৰ্বাদ হ’ব বুলি ভবা কৃষিবান্ধ এতিয়া অভিশাপলৈ পৰিণত হৈছে ৷ এয়া চিৰাঙৰ বেংতল ৰাজহচক্ৰৰ ডোমগাঁও-শালবাৰী গাঁৱৰ দৃশ্য ৷
বিনা বৰষুণতে তাচ পাতৰ দৰে ভাগি পৰিল ডোমগাঁও-শালবাৰীস্থিত দুই কোটি টকীয়া জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট । বিটিচি প্ৰশাসনৰ জলসিঞ্চন বিভাগৰ দ্বাৰা ২০০৬-০৭ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও ২০১০ চনত কৃষকৰ বাবে এই শ্লুইচ গেট মুকলি কৰা হৈছিল ।
কিন্তু সোমবাৰে পুৱা ৯ বজাত হঠাৎ শ্লুইচ গেটখন ভাগি পৰাত সাতখন গাঁৱৰ লোকলৈ ভাবুকি হৈ পৰিছে । অনিশ্চয়তাৰ মাজত এতিয়া 7 খন গাঁৱৰ 2500 বিঘা কৃষিভূমি । শংকিত হৈ পৰিছে কৃষিজীৱি ৰাইজ । স্থানীয় লোকৰ অভিযোগ-জলসিঞ্চন বিভাগৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তা আৰু ঠিকাদাৰে মিলি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি শ্লুইচ গেট নিৰ্মাণ কৰিছিল ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ 13 বছৰতে এইদৰে তাচ পাতৰ দৰে ভাগি পৰিল ।