অসম

assam

ETV Bharat / state

চিৰাঙৰ বিজনীত IPL ৰ জুৱা ঘাটি উৎখাত

বিজনী আৰক্ষীয়ে অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰে চাৰিগৰাকীক ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত দুখনকৈ বাইকৰ লগতে নগদ 13 হাজাৰ টকা, এটা টিভিসহ বহু আপত্তি জনক নথি পত্ৰ জব্দ ৷

IPL ৰ জুৱা ঘাটি উৎখাত

By

Published : Apr 27, 2019, 10:02 AM IST

চিৰাং,27 এপ্ৰিল : চিৰাঙৰ বিজনীত উৎখাত IPL ৰ জুৱা ঘাটি । বিজনী আৰক্ষীয়ে অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰে চাৰিগৰাকীক ৷ আটকাধীন চাৰিজন জুৱাৰীৰ দুজন ক্ৰমে নাজিব আলী আৰু মইদুল ইছলাম আৰু আন দুজনৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত আৰক্ষীয়ে দুখনকৈ বাইকৰ লগতে জুৱাৰীৰ পৰা নগদ 13 হাজাৰ টকা, এটা টিভিসহ বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে পলাতক আন দুজন জুৱাৰী ক্ৰমে আনাচ আলী আৰু আকমত আলী পলাতক ৷

আৰু পঢ়ক অবৈধ সুৰাৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা আবকাৰী বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details