বঙাইগাঁৱত উদযাপন আন্তৰ্জাতিক গৃহ কৰ্মী দিৱস - চিৰাং
অসম শ্ৰমিক ইউনিয়ন আৰু হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সমিতিৰ উদ্যোগত বঙাইগাঁও জিলা আইন প্ৰাধিকাৰীৰ সহযোগত উদযাপন আন্তৰ্জাতিক গৃহ কৰ্মী দিৱস ৷ ৩০ গৰাকী গৃহকৰ্মীক পৰিচয় পত্ৰ প্ৰদান জিলা শ্ৰম বিভাগৰ ৷
![বঙাইগাঁৱত উদযাপন আন্তৰ্জাতিক গৃহ কৰ্মী দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3578285-thumbnail-3x2-hkjlmj-jpg.jpg)
চিৰাং, 16 জুন : অসম শ্ৰমিক ইউনিয়ন আৰু হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সমিতিৰ উদ্যোগত বঙাইগাঁও জিলা আইন প্ৰাধিকাৰীৰ সহযোগত দেওবাৰে উদযাপন কৰা হয় আন্তৰ্জাতিক গৃহ কৰ্মী দিৱস ৷ বঙাইগাঁৱৰ হাজাৰগৰাকী গৃহকৰ্মীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত বঙাইগাঁও আইন প্ৰাধিকাৰীৰ সম্পাদক সুজাতা দত্ত, বঙাইগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ নাছিৰ জামান,বঙাইগাঁৱৰ শ্ৰম বিষয়াৰ লগতে অন্যান্য কেইবাগৰাকী বিশিষ্ট বিষয়া উপস্থিত থাকে ৷ এই অনুষ্ঠানতে ৩০ গৰাকী গৃহকৰ্মীক জিলা শ্ৰম বিভাগে পৰিচয় পত্ৰ প্ৰদান কৰাৰ লগতে পৰ্য্যায়ক্ৰমে সকলো গৃহ কৰ্মীক এই পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব । এই পৰিচয় পত্ৰৰ জৰিয়তে ভৱিষ্যতে পেঞ্চন লাভ কৰিব গৃহ শ্ৰমিকসকলে ৷