চিৰাঙ, 22মে’:বাৰিষা অহাৰ লগে লগে ৰাজ্যৰ সাধাৰণ জনতাৰ দুৰ্দশা পূৰ্ণ অৱস্থা ছবি খন আমাৰ সকলোৰে চিনাকি ৷ তাৰমাজতে পোহৰলৈ আহিছে ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰি বানক্ৰান্ত অঞ্চলটোৰ প্ৰকৃত দৃশ্য ।
বাৰিষা আহিল কিন্তু আজি পৰ্যন্ত বান প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে জলসম্পদ বিভাগে দেউশ্ৰিৰ নিজলা নদীত । বান আহিলেই ১২৭ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ একাধিক অংশ যিকোনো মুহুৰ্ততে জাহ যাব নিজলা নদীৰ বুকুত । লগতে নোহাৱোৰ উপক্ৰম হ’ব নদীৰ বুকুত দেউশ্ৰি গাঁও । কিন্তু সম্প্ৰতিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰ প্ৰশাসনৰ ।
অঞ্চলটোৰ স্থানীয় লোকে জানিবলৈ দিয়া মতে, বিটিচিৰ বান প্ৰতিৰোধ আঁচনিৰ এক কোটি টকাৰে নদীখনৰ কিছু অংশত বল্ডাৰ প্ৰটেকচনৰ কাম কৰিছে যদিও বাৰিষা নাহোতেই সামান্য বৰষুণৰ পানীতেই বল্ডাৰ প্ৰটেকচন এৰাই যাব ধৰাৰ লগতে তললৈ সোমাই গৈছে এটা অংশ । উল্লেখযোগ্য যে, এক কোটি টকাৰ কামৰ যদিও আৱন্টন দিছে তাৰে দহ লাখ টকাৰো কাম হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
বাৰিষা যিকোনো সময়তে যোগাযোগ বিচ্ছিন্ন হ’ব পাৰে ভাৰত-ভূটানৰ ! মন কৰিবলগীয়া যে, ভূটানৰ দাতিকাষৰীয়া এই অঞ্চলতোৰ তীব্ৰ খৰশ্ৰোতা নৈ নিজলা নৈ । ভূটানৰ পৰা নামি অহা পানীৰ ঢৌৱে যিকোনো মুহুৰ্ততে খহাই নিব পাৰে বৃহত্তৰ অঞ্চলটো । ইতিমধ্যে দেউশ্ৰি গাঁৱৰ বহু অংশ নিজলা নদীৰ বুকুত জাহ গৈছে । বহু লোকে নিজৰ থকা ঘৰখন এৰি যাবলগীয়া হৈছে ।
বাৰিষা যিকোনো সময়তে যোগাযোগ বিচ্ছিন্ন হ’ব পাৰে ভাৰত-ভূটানৰ ! একেদৰে দেউশ্ৰি গাঁৱৰ পশ্চিম দিশৰ পৰা নিজলা নদীৰ গৰাখহনীয়া আৰু পূৱ দিশৰ পৰা আই নদীৰ গৰাখহনীয়াই ইতিমধ্যে গাঁও খনৰ মাটিকালি কমাই পেলাইছে ৷ ইপিনে চৰকাৰক বাৰে বাৰে এই বিষয়ে অৱগত কৰি আহিছে যদিও আজিকোপতি বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে গাঁওবাসী হয়তো এই বাৰ বানপানী আৰু গৰাখহনিয়াতেই নিশ্চিহ্ন হ’ব দেউশ্ৰি গাঁওখন।
বাৰিষা যিকোনো সময়তে যোগাযোগ বিচ্ছিন্ন হ’ব পাৰে ভাৰত-ভূটানৰ ! উল্লেখযোগ্য যে, ভাৰতৰ পৰা ভূটানৰ গেলেফ হৈ ভূটানলৈ যোৱা ১২৭ চি ৰাষ্ট্ৰীয় ঘাইপথ আৰু দেউশ্ৰি নদীৰ ওপৰত থকা দলংখন নিজলা নৈৰ গৰাখহনিয়াৰ কৱলত পৰিলে সীমান্তৰ বৃহৎ অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হ’ব বহিঃজগতৰ সৈতে ৷ সেয়েহে উপায়ন্তৰ হৈ স্থানীয় ৰাইজে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অন্যাথা চৰকাৰ বিৰুদ্ধে প্ৰতিবাদত বহাৰ হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়কঃ জুন মাহৰ পৰা সুলভ হ’ব ক’ভিডৰ প্ৰতিষেধক : স্বাস্থ্যমন্ত্ৰী