অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ চিৰাঙৰ মুক্ত বিচৰণকাৰী গঁড়টো নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত বন বিভাগৰ - চিৰাঙৰ কুকলুং বনাঞ্চল

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ শুকুৰবাৰৰ পৰা চিৰাঙৰ কুকলুং বনাঞ্চলৰ নতুন মাটী গাঁৱত মানাহৰ পৰা ওলাই মুক্ত বিচৰণ কৰি থকা গঁড়টোক নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বনবিভাগে ৷

Impact of Etv Bharat: Forest department trying to controll the Rhino at Chirang
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ চিৰাঙৰ মুক্ত বিচৰণকাৰী গঁড়টো নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত বন বিভাগৰ

By

Published : Feb 24, 2020, 9:30 PM IST

চিৰাং, 24 ফেব্ৰুৱাৰীঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ শুকুৰবাৰৰ পৰা চিৰাঙৰ কুকলুং বনাঞ্চলৰ নতুন মাটী গাঁৱত মানাহৰ পৰা ওলাই মুক্ত বিচৰণ কৰি থকা গঁড়টোক নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বনবিভাগে ৷ প্ৰথমে ইটিভি ভাৰতে এই গঁড়টোৰ মুক্ত বিচৰণৰ বাতৰি পৰিৱেশন কৰাৰ পিছত অন্যান্য সংবাদগোষ্ঠীও এই ক্ষেত্ৰত বাতৰি পৰিৱেশন কৰে ৷ এই বাতৰিৰ পিছতে বন বিভাগৰ লোকে বিষয়টো সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি গড়টোক নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায় ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ চিৰাঙৰ মুক্ত বিচৰণকাৰী গঁড়টো নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত বন বিভাগৰ

উল্লেখ্য প্ৰজননৰ বাবে মানাহৰ পৰা ওলাই অহা গঁড়টো শুকুৰবাৰে গাঁও অঞ্চলত প্ৰৱেশ কৰিছিল আৰু দেওবাৰে বন বিভাগে খেদি পানবাৰী আৰু ছাউৰাং অঞ্চলৰ মাজত থকা জংঘললৈ খেদি পঠিয়াবলৈ সক্ষম হৈছিল ৷ কিন্তু গড়টো নিশা আকৌ তাৰ পৰা ওলাই আহি নতুন মাটীত গাঁওৰ মাজত আশ্ৰয় লৈছিল মাইকী গঁড়জনীয়ে ৷ আনহাতে কোনো দুৰ্বৃত্তই গঁড়টোক ভৰিত আঘাত কৰা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে ৷ কিন্তু বন বিভাগৰ লোকে এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ উল্লেখ্য যে গঁড়টোক নিয়ন্ত্ৰণ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ বাবে কিমান ক্ষীপ্ৰতাৰে বন বিভাগে কৰিব পাৰে সেয়া লক্ষণীয় হ’ব ৷

আৰু পঢ়কঃচিৰাঙৰ নতুনমাটীত গঁড়ৰ মুকলি বিচৰণ

ABOUT THE AUTHOR

...view details