অসম

assam

ETV Bharat / state

চিৰাঙত আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ - মানাহ ৰাষ্ট্ৰীয় উদ‍্যান

চিৰাঙত আৰক্ষীৰ চোৰাং কাঠ জব্দ ৷ আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায়ৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় কাঠখিনি ৷

Illegal timber seized in Chirang
চিৰাঙত আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

By

Published : Nov 2, 2020, 5:24 PM IST

চিৰাং, 2 নৱেম্বৰ :চিৰাঙৰ পানবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । সোমবাৰে পুনৰ বিজনী মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায়ৰ নেতৃত্বত চলা অভিযানত পানবাৰী থানাৰ অন্তৰ্গত বৌপাৰ গাঁও আৰু তাৰ ওচৰৰ মানাহ নদীৰ পাৰত অবৈধভাৱে মজুত ৰখা লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।

চিৰাঙত আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

এই ঘটনাত আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই যদিও এই সন্দৰ্ভত পানবাৰী থানাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব‍্যাহত ৰাখিছে আৰক্ষীয়ে । উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ দাঁতিকাষৰীয়া অঞ্চলত দীৰ্ঘদিনৰ পৰাই চোৰাং কাঠৰ ব‍্যৱসায় চলি আছিল । প্ৰায়েই আৰক্ষী আৰু বন বিভাগে অভিযান চলাই চোৰাং কাঠ জব্দ কৰে যদিও নিতৌ নতুন নতুন পদ্ধতিৰে চোৰাং কাঠ বেপাৰী সকলে চোৰাং কাঠৰ ব‍্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক :নিশা হঠাতে স্বাস্থ্যৰ অৱনতিঃ তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি

ABOUT THE AUTHOR

...view details