বঙাইগাঁও, 3 মাৰ্চঃবঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানা এলেকাৰ গেৰুকাবাৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত শাকতোলাৰ এক নম্বৰ নাছনগুৰিত ২৯ টাকৈ বহি:ৰাজ্যৰ গৰু সৰবৰাহৰ বাবে নিবলৈ চেষ্টা কৰা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণ কৰে যে শাকতোলা গৰু সৰবৰাহৰ ঘাটিত পৰিণত হৈছে | আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে দেওবাৰে নিশা আৰক্ষীৰ দলে এক নম্বৰ নাছনগুৰিত অভিযান চলায় | এই অভিযানত আৰক্ষীৰ দলে চামছুল হকৰ বাৰীৰ পাছফালে বান্ধি ৰখা ২৯ টাকৈ বলদ গৰু উদ্ধাৰ কৰে আৰু পাছলৈ গৰু সমূহ গেৰুকাবাৰী উপ আৰক্ষী চকীলৈ লৈ যায় | লক্ষ্যণীয় যে গৰাকী বিহীন বহি: ৰাজ্যৰ গৰু সমূহ কোনে আনি এনেদৰে লুকুৱাই ৰাখিছিল এই লৈ আৰক্ষী জ্ঞাত নহয় ।
বঙাইগাঁৱৰ শাকতোলাত 29 টা গৰাকীবিহীন গৰু জব্দ - শাকতোলা
সোমবাৰে বঙাইগাঁও জিলাৰ শাকতোলাত সৰবৰাহৰ বাবে নিবলৈ চেষ্টা কৰা ২৯ টাকৈ বহি:ৰাজ্যৰ গৰু আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷
বঙাইগাঁৱৰ শাকতোলাত 29 টা গৰাকীবিহীন গৰু জব্দ
বহি:ৰাজ্যৰ পৰা আনি ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত গাড়ীৰে নমাই শাকতোলাত ৰাখি ইয়াৰ পৰাই বাংলাদেশলৈ নদী পথেৰে গৰু সমূহ চালান কৰিবলৈ গৰু সৰবৰাহকাৰীয়ে চেষ্টা চলাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
লগতে চাওকঃ