অসম

assam

ETV Bharat / state

চিৰাঙত পত্নীক ঘপিয়াই স্ৱামীৰ আত্মহনন - বঙাইগাঁৱত পত্নীক ঘপিয়াই আত্মহনন স্ৱামীৰ

পত্নীক চোকা অস্ত্ৰৰে ঘপিয়াই আঘাত কৰি নিজেও ৰে'লৰ সমুখত জপিয়াই আত্মহত্যা কৰে পৰ্তুজ নম দাস নামৰ লোকজনে ৷

পত্নীক ঘপিয়াই স্ৱামীৰ আত্মহনন

By

Published : Nov 13, 2019, 9:15 PM IST

চিৰাং, 13 নৱেম্বৰ: চিৰাঙৰ বিজনীত পৰিবাৰিক কন্দলে ল'লে ভয়ংকৰ পৰিণতি ৷ জিলাখনৰ অন্তৰ্গত বিজনীৰ সুদেমপুৰীত বুধবাৰে পৰ্তুজ নম দাস নামৰ এজন লোকে পত্নীক চোকা অস্ত্ৰৰে ঘপিয়াই আঘাত কৰাৰ লগতে ৰে'লৰ সমুখত জপিয়াই আত্মহত্যা কৰে পৰ্তুজ নম দাস নামৰ লোকজনে ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ঘটনাৰ আঁৰৰ ৰহস্য ৷ পাৰিবাৰিক কন্দৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে পৰ্তুজ নম দাসৰ পত্নী তাৰা নম দাসক ৷

পত্নীক ঘপিয়াই স্ৱামীৰ আত্মহনন

ABOUT THE AUTHOR

...view details