অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ মহাদেৱ পাহাৰত কাৰ লাওখোলা ? - উত্তৰ শালমাৰা

উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত উদ্ধাৰ হৈছে দুটাকৈ মানৱ লাওখোলা ৷

লাওখোলা দুটা এটা পুৰুষৰ আৰু এটা মহিলাৰ বুলি সন্দেহ

By

Published : Nov 6, 2019, 2:59 PM IST

বঙাইগাঁও, 6 নৱেম্বৰঃ বঙাইগাঁৱৰ উত্তৰ শালমাৰাত চাঞ্চল্যকৰ ঘটনা ৷ উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত উদ্ধাৰ হৈছে দুটাকৈ মানৱ লাওখোলা ৷ লাওখোলা দুটাৰ লগতে উদ্ধাৰ হৈছে পুৰুষ আৰু মহিলাৰ কাপোৰ৷ ইফালে লাওখোলা দুটা এটা পুৰুষৰ আৰু এটা মহিলাৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ বুধবাৰে এই ঘটনা পোহৰলৈ অহাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লাওখোলা দুটা উদ্ধাৰ কৰে ৷ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । উদ্ধাৰ হোৱা লাউখোলা,কাপোৰ আদি পৰীক্ষাৰ অন্তত বিতং তথ্য পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে ৷

উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত উদ্ধাৰ হৈছে লাওখোলা দুটা
বঙাইগাঁৱৰ মহাদেৱ পাহাৰত কাৰ লাওখোলা ?

ABOUT THE AUTHOR

...view details