অসম

assam

ETV Bharat / state

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ - আৰক্ষী অধীক্ষক সুধাকৰ সিং

ডিপ চাৰ্চ মেটেল ডিটেক্টৰ নামৰ সেনাৰ বিশেষ যন্ত্ৰৰ সহায়ত মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় এটা অভিযানকাৰী দলে ৷ উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ খিনি এনডিএফবিৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

huge arms and ammunition recovered at Chirang
চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

By

Published : Jun 15, 2020, 8:01 PM IST

চিৰাং,15জুন :বিটিচি নিৰ্বাচনৰ পূৰ্বে চিৰাং আৰক্ষীৰ বৃহৎ সাফল্য ৷ সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ কৰা হৈছে বৃহৎ অস্ত্ৰভাণ্ডাৰ ৷ এই সন্দৰ্ভত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এক সংবাদমেলৰ জৰিয়তে দিয়ে যে, ভাৰত -ভূটান সীমান্তৰ খুংগ্ৰীঙৰ উত্তৰে লালপাথৰ নামৰ ঠাইত চিৰাং সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ‍্যত বিগত ১২ দিন ধৰি সেনা-আৰক্ষী,এছ এছ বি আৰু কোব্ৰাই অভিযান চলাইছিল ৷

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

অৱশেষত সোমবাৰে ডিপ চাৰ্চ মেটেল ডিটেক্টৰ নামৰ সেনাৰ বিশেষ যন্ত্ৰৰ সহায়ত মাটিত পুতি থোৱা অৱস্থাত এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ এইয়া চিৰাং জিলাত দ্বিতীয়টো বৃহৎ সফলতা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

ইপিনে,উদ্ধাৰ হোৱা মাৰণাস্ত্ৰৰ ভিতৰত আছে 7টা পিষ্টল,3টা ৰিভলভাৰ,192টা গ্ৰেণেড, এ কে -47ৰ 200 জাঁই সজীৱ গুলী, এচ এল আৰৰ ৮৫ জাঁই সজীৱ গুলী,আৰপিজি শ্বেল ৪৭ টাৰ লগতে অন‍্যান‍্য মাৰণাস্ত্ৰ পোৱা গৈছে ৷ উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ খিনি এনডিএফবিৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

উল্লেখযোগ্য যে, যোৱা 4 এপ্ৰিলত বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি দেশজুৰি জাৰি কৰা হৈছিল লক ডাউন ৷ যাৰ পৰিপ্ৰেক্ষিতত পিছুৱাই দিয়া হৈছিল বিটিচি নিৰ্বাচন ৷

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

আনহাতে, বিটিচি নিৰ্বাচনৰ বিটিচিৰ প্ৰতিখন জিলাতে সেনা-আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে যাতে বিটিএডিত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহয় ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সেনা-আৰক্ষীয়ে অহৰহ চেষ্টা চলাই আহিছে যাৰ ফলস্বৰূপে এই সফলতা লাভ কৰা বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

বিটিআৰ গঠনেৰে মাৰণাস্ত্ৰ মুক্ত অঞ্চল গঠনৰ কুচকাৱাজ চলি থকাৰ মাজতে এইদৰে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা কাৰ্যক শলাগ লৈছে বিটিএডি বাসীয়ে ৷

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

লগেত পঢ়কঃব্য়ক্তিগত নাৰ্ছিং হোমৰ ক্ষেত্ৰত কি নিয়ম উঠাই ল'লে দিল্লী চৰকাৰে ?

ABOUT THE AUTHOR

...view details