অসম

assam

ETV Bharat / state

বিজনীত আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ হেৰ'ইন জব্দ - জব্দকৃত হেৰ'ইনখিনিৰ ওজন 141 গ্ৰাম

চিৰাং জিলাৰ বিজনীৰ কাৱাটিকা চাৰিআলিৰ পৰা বৃহৎ পৰিমানৰ হেৰ'ইন সহ এজনক আটক ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

huge-amount-of-heroin-recovered-from-bijni-in-police-operation
খাদ্য সংশাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী

By

Published : Jul 5, 2021, 10:48 PM IST

চিৰাং, 5 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছ সৰৱৰাহৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছিল বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছ ৷ ইয়াৰ মাজতে চিৰাং জিলাৰ বিজনীৰ কাৱাটিকা চাৰিআলিত সোমবাৰে চিৰাং আৰক্ষীয়ে চলোৱা অভিযানত 30 লক্ষাধিক টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ হয় এজন সৰবৰাহকাৰী ৷ সৰৱৰাহকাৰীটোৰ নাম মাকমাদল হাছান বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, আৰক্ষীৰ অভিযানত কাৱাটিকা চাৰিআলিত থকা গণি এন্টাৰপ্ৰাইজ নামৰ ষ্টেচনাৰী আৰু গেলামাল দোকান খনৰ পৰা জব্দ কৰা হয় 2 টাকৈ হেৰ'ইনৰ পেকেট ৷ জব্দকৃত হেৰ'ইনখিনিৰ ওজন 141 গ্ৰাম বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ লগতে দোকানখনৰ স্বত্বাধিকাৰী তথা ড্ৰাগছ সৰবৰাহকাৰী মাকমাদল হাছান (২৫) ক গ্ৰেপ্তাৰ কৰিছে চিৰাং আৰক্ষীয়ে৷ ধৃত সৰবৰাহকাৰীটোৰ ঘৰ বঙাইগাঁও জিলাৰ গৰাইমাৰীত বুলি জানিব পৰা গৈছে ।

খাদ্য সংশাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী

এক গোপন খবৰৰ ভিত্তিত চিৰাঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই দোকান খনৰ পৰা হেৰ'ইনসহ সৰবৰাহকাৰী মাকমাদল হাছানক গ্ৰেপ্তাৰ কৰে ৷ জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে কয় যে, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছে আৰু চলিব৷ লগতে ড্ৰাগছৰ সৈতে জড়িত সকলো অপৰাধীক চিনাক্ত কৰিবলৈ তদন্ত কৰি থকা হৈছে বুলি জনাইছে অধীক্ষক গৰাকীয়ে ৷ চিৰাঙৰ ভিতৰত বিজনীৰ কাৱাটিকাত অধিক ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ বিক্ৰেতা পোৱাৰ কথাও সদৰি কৰে আৰক্ষী অধীক্ষক জনে ৷

লগতে পঢ়কঃনলবাৰীত নীলা কেৰাচিনৰ ক’লা বেহাৰ আঁৰত কোন ?

ABOUT THE AUTHOR

...view details