অসম

assam

HSLC ৰ ফলাফলক লৈ বিজনীত এচএফআইৰ প্ৰতিবাদ

By

Published : Aug 4, 2021, 6:32 AM IST

ৰাজ্যত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক ৷ ইয়াৰ মাজতে অনুত্তীৰ্ণসকলক ন্যায় প্ৰদান কৰাৰ দাবীত মঙলবাৰে বিজনীত এচএফআইয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

hslc-result-controversy-continue-at-chirang
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিজনীত এচএফআইৰ প্ৰতিবাদ

চিৰাং, 4 আগষ্ট: ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ’লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ কিন্তু এই ফলাফলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ ৷

লগতে পঢ়কঃউপ-নিৰ্বাচনত বিৰোধী দলসমূহক উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ আহ্বান ৰাইজৰ দলৰ

এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ কৰাৰ লগতে বিসংগতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাজ্যৰ আন বহু কেইখন জিলাৰ সমান্তৰালকৈ চিৰাঙ জিলাৰ বিজনীতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অব্যাহত আছে তীব্ৰ অসন্তুষ্টি ৷ ইয়াৰ মাজতে মঙলবাৰে বিজনীৰ শিশুকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এচএফআইয়ে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিজনীত এচএফআইৰ প্ৰতিবাদ

ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক কমিটীৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ ছাত্ৰীয়ে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ উল্লেখ্য যে, এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ 52 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 15 জন ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈছে ৷ কিন্তু আচৰিত ধৰণে সকলো ছাত্ৰ ছাত্ৰী কেৱল 1 নম্বৰৰ বাবে অনুত্তীৰ্ণ হৈছে ৷

ইফালে বিজনীৰ শিশু কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 82 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 26 জন ছাত্ৰ ছাত্ৰীয়ে 2/3 নম্বৰৰ বাবে অনুত্তীৰ্ণ হৈছে ৷ ছাত্ৰ ছাত্ৰীৰ এই সমস্যাসমূহ ছেবা (SEBA) কৰ্তৃপক্ষই অনুধাৱন কৰি অতিশীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰিবলৈ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক কমিটীয়ে দাবী জনাইছে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত যাতে অচিৰেই এক উচিত পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে স্বাস্থ্য বিভাগক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

এই প্ৰতিবাদৰ অন্তত বিজনী মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ পৰীক্ষা নিয়ন্ত্ৰক সেৱালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃখাদ্যৰ মাজত শিখৰৰ পেকেট...ক’ত কেনেকৈ !

ABOUT THE AUTHOR

...view details